শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অসম হাউছত সাক্ষাৎ কৰে৷
বিধায়কগৰাকীয়ে নিজৰ ফেচবুক পেজৰ এটা লাইভ ভিডিঅ’ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে হোৱা কথোপকথনৰ সম্পৰ্কে প্ৰকাশ কৰিছে৷ বিধায়ক অখিল গগৈয়ে জনোৱা মতে এটা বিশেষ প্ৰশিক্ষণৰ বাবে অসমৰ এটা বিধায়কৰ দলৰ সৈতে তেওঁ অসম ভৱনত বাহৰ পাতি আছে৷ সেই সময়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও তেওঁ বাহৰ পাতি থকা কোঠাটোৰ কাষতে বাহৰ পাতি থকাৰ খবৰ পাই মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰে আৰু মুখ্যমন্ত্ৰীয়েও বিধায়ক গগৈক সাক্ষাতৰ অনুমতি প্ৰদান কৰে৷
এই সৌজন্যমূলক সাক্ষাৎকালত ৰাজ্যৰ কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ লগতে শিৱসাগৰ সমষ্টি বিভিন্ন সমস্যা সম্পৰ্কে যথেষ্ট আশাপ্ৰদ কথাবতৰা হোৱা বুলিও বিধায়কগৰাকীয়ে লাইভ ভিডিঅ’টোৰ জৰিয়তে সদৰী কৰিছে৷
লগতে পঢ়ক হোমৱৰ্ক কৰা নাছিল পুত্ৰই! কেৰাচিন ঢালি পুত্ৰক জ্বলাই হত্যা পাষাণ পিতৃৰ
অসম শিক্ষাৰ মাধ্যম বিষয়টোক লৈ দীঘলীয়া আলোচনা কৰা বুলিও প্ৰকাশ কৰিছে অখিল গগৈয়ে৷ ইয়াৰ পাছতে বিধায়ক অখিল গগৈৰে হোৱা দীঘলীয়া আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীয়ে শিৱসাগৰ সমষ্টিৰ বাবে কে’বাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা বুলি জানিবলৈ দিছে৷
ইয়াৰ ভিতৰত প্ৰথমটো হৈছে ঐতিহ্যমণ্ডিত শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে গঢ়ি তুলিবলৈ অধ্যয়নৰ বাবে ১০০ কোটি টকা তিনি চাৰিদিনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰি দিব৷
দ্বিতীয়তে, শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ লাইটেনচনৰ কাৰণে পৰ্যটন বিভাগৰ সৈতে কথা পাতি কাম আগবাঢ়িবলৈ নিৰ্দেশ দিছে৷
লগতে পঢ়ক লাখ লাখ অনুৰাগীক শোক সাগৰত পেলাই গুচি গ’ল জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ
তৃতীয়তে শিৱসাগৰৰ সমবায় বিশ্ববিদ্যালয়খন সাধাৰণ বিশ্ববিদ্যালয়লৈ ৰূপান্তকৰণৰ বাবে অহা এপ্ৰিল মাহৰ বাজেট অধিবেশনত চৰকাৰে বিধেয়ক উত্থাপন কৰিব৷
চতুৰ্থে শিৱসাগৰত নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়খনৰ স্থান সম্পৰ্কীয় বিবাদ নিষ্পত্তিৰ কাৰণে থাওৰা বিধায়ক সুশান্ত বৰগোহাঁইৰ লগত মুখ্যমন্ত্ৰীয়ে বিষয়টো আলোচনা কৰি দুয়োটা সমষ্টিৰ সীমামূৰীয়া অঞ্চলত নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উদ্যোগ ল’ব বুলি বিধায়ক অখিল গগৈয়ে জানিবলৈ দিয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ