কামটো কৰি উঠি প্ৰতিগৰাকী নাৰীকেই কয় এটাই কথা- ডেটলেৰে গা ধোৱা
এজন কোটিপতি ব্যৱসায়ীৰ নিকৃষ্টি কাণ্ড পোহৰলৈ আহিছে। এগৰাকী ভুক্তভোগী মহিলাই এক সাক্ষাতৰ জৰিয়তে সদৰি কৰিছে এই কথা। যি কথা-কাৰ্যই বিশ্ববাসীক স্তম্ভিত কৰি তুলিছে।
এই ব্যৱসায়ীজন কোটি কোটি টকাৰ সম্পত্তিৰ মালিক। ৫ গৰাকী মহিলাই এই ব্যৱসায়ীজনৰ সৈতে জড়িত সকলো কথা পোহৰলৈ আনিছে। মহিলাকেইগৰাকীয়ে কয় যে তেওঁলোকক ধৰ্ষণ কৰিছিল এই ব্যৱসায়ীগৰাকীয়ে।
ইজিপ্তৰ কোটিপতি ব্যৱসায়ী গৰাকীৰ নাম মহম্মদ আল ফায়েদে। ভুক্তভোগীসকলৰ ভিতৰত এগৰাকী কিশোৰীয়ো অন্তৰ্ভুক্ত। বিগত বৰ্ষত আগষ্ট মাহত মহম্মদ আল ফায়েদৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৪ বছৰ।
এক আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, ফায়েদৰ এই কাৰ্যক উদঙাই দিয়া পাঁচগৰাকী মহিলাই ব্ৰিটিছ বিলাসী ডিপাৰ্টমেণ্ট ষ্ট’ৰ হেৰ’ডছত কাম কৰিছিল। মহিলা কেইগৰাকীয়ে কয় যে মহম্মদ আল ফায়েদে তেওঁলোকক ধৰ্ষণ কৰিছিল। ইয়াৰ লগতে আন ২০ গৰাকী মহিলা কৰ্মচাৰীয়ে আল ফায়েদে তেওঁলোকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে।
ফায়েদৰ ব্যক্তিগত সহায়িকা গেমা নামৰ এগৰাকী ভুক্তভোগীও আগবাঢ়ি আহিছে । মহিলাগৰাকীয়ে ২০০৭-২০০৯ চনৰ ভিতৰত আল ফায়েদৰ বাবে কাম কৰিছিল। তেওঁ কয় যে বিদেশ ভ্ৰমণৰ সময়ত তেওঁৰ আচৰণ যথেষ্ট ভয়ংকৰ হৈ পৰিছিল।
লগতে ইয়াকো কয় যে, ধৰ্ষণ কৰি উঠি ফায়েদে সদায়ে এটাই কথা কৈছিল ডেটলেৰে গা ধুই লোৱা। কিয়নো ফায়েডে কোনো সমস্যা বিচৰা নাছিল। সেই ফায়েদেই ১৭ হাজাৰ কোটি টকাৰ মালিক আছিল। যিয়ে মহিলাক কেৱল সম্ভোগৰ বস্তু বুলি ভাৱিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ