ঈদৰ পুৱাতেই আহিছে এক দুখবৰ।
মক্কাত পদপিষ্ট হৈ ৩ হজযাত্ৰীৰ কৰুণ মৃত্যু।
দেওবাৰে মক্কাৰ মিনাতত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।
নিহত তিনিগৰাকী ক্ৰমে ছালেহা বেগম বৰভূঁঞা, জাৰিনা বেগম আৰু মৌলানা ছঈফ উদ্দিন।
মৌলানা ছঈছ উদ্দিনৰ ঘৰ কাছাৰৰ বৰখলাত।
হাইলাকান্দিৰ চান্দপুৰৰ বাসিন্দা আছিল ছালেহা বেগম বৰভূঁঞা।
আনহাতে জাৰিনা বেগম হৈছে বৰপেটাৰ বাসিন্দা।
তিনিওটা মৃতদেহ ছৌদীৰ স্থানীয় হাস্পতালৰ মৰ্গত ৰখা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ