কিশোৰীক অপকৰ্মৰ চেষ্টা চলাওতেই মাতৃৰ হাতত ধৰা পৰে এম্বুলেঞ্চৰ চালক
দেশ তথা ৰাজ্যৰ বিগত দুদিন মান ধৰি নাৰীৰ সৈতে সংঘটিত হোৱা অপৰাধৰ বাতৰি বৃদ্ধি পাবলৈ ধৰিছে। এইবাৰ ছিপাজাৰৰ পৰা আহিছে আন এক খবৰ। পাছে সৌভাগ্যক্ৰমে ৰক্ষা পৰে কিশোৰী । কিশোৰীৰ মাতৃৰ বাবে অপকৰ্ম সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে।
ঘটনা সন্দৰ্ভত জানিব পৰা অুনুসৰি, কিশোৰীগৰাকীৰ কোনো ৰোগৰ বাবে বিগত কেইবাদিনো ধৰি ছিপাঝাৰৰ প্ৰাথমিক আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰত দেখুৱাই আছিল। কিন্তু কালি ২৪ আগষ্ট তাৰিখে নিশা কিশোৰীগৰাকীৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ অনাৰ বাবে যো-জা চলাই আছিল।
যাৰ বাবে এখন এম্বুলেঞ্চৰ যোগাৰ কৰিছিল কিশোৰীগৰাকীক গুৱাহাটীলৈ অনাৰ বাবে । কিন্তু সেই সময়তে এম্বুলেঞ্চখনৰ চালকে খিৰিকিৰে অপকৰ্মৰ চেষ্টা কৰে কিশোৰীৰ সৈতে ।
লগে লগে ঘটনা প্ৰত্যক্ষ কৰে কিশোৰীৰ মাতৃগৰাকীয়ে। ঘটনা দেখা মাত্ৰেই হৈ চৈ লগাই দিয়াত ঘটনাস্থলীৰ পৰা পলায়ন কৰে এম্বুলেঞ্চখনৰ চালক। এম্বলেঞ্চখনৰ চালকজনৰ নাম চামচুল হক।
পাছত কিশোৰীৰ পিতৃয়ে ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিতেই আৰক্ষীয়ে নিশাই আটক কৰে অভিযুক্ত এম্বুলেঞ্চ চালক চামচুল হকক।
সম্প্ৰতি ছিপাঝাৰ আৰক্ষীৰ জিম্মাত অভিযুক্ত চামচুল হক। ইফালে উক্ত ঘটনাত জড়িত চামচুল হকৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে ছিপাঝাৰ আঞ্চলিক ছাত্ৰসন্থাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ