অৱসৰকালীন বিনিয়োগৰ কথা আহিলেই সকলোৰে মূৰত আহে পিপিএফৰ কথাই। চৰকাৰী স্কিম পিপিএফ। ফলত কষ্টৰ টকা নিৰাপদে থাকে। ইয়াৰ সৈতে থাকে নিশ্চিত ৰিটাৰ্ণৰ গেৰেণ্টি। সেয়ে যিসকলে নিৰাপদ স্থানত ধন ৰাখিব খোজে, ভৱিষ্যতে ভাল ৰিটাৰ্ণ পাব পাৰে তাৰবাবে পোষ্ট অফিচৰ পিপিএফ আদৰ্শ৷
পিপিএফ দীৰ্ঘম্যাদি বিনিয়োগ৷ ১৫ বছৰৰ লক ইন পিৰিয়ড আছে৷ ইয়াৰপাছতেই ৫ বছৰকৈ যিমান মন যায় সময় বঢ়াই যাব পাৰে৷ বৰ্তমান পাব্লিক প্ৰভিডেণ্ট ফাণ্ড বা পিপিএফত ৭.১ শতাংশ হাৰত সুদ দিয়া হৈছে৷ সাধাৰণ ছেভিংছ একাউণ্ট বা ফিক্সড ডিপজিটৰ তুলনাত এই পৰিমান বেছি৷
মাত্ৰ ৫০০ টকা দি পিপিএফত বিনিয়োগ আৰম্ভ কৰিব পাৰে৷ বছৰত সৰ্বোচ্চ বিনিয়োগৰ পৰিমাণ ১.৫ লাখ টকা৷ এই স্কিমত বিনিয়োগ কৰিলে আয়কৰ আইনৰ ধাৰা ৮০ চিৰ আওতাত কৰো ৰেহাই পোৱা যায়৷ প্ৰাপ্ত সুদ আৰু ম্যাদপূৰ্তিৰ পাছতেই সম্পূৰ্ণ ৰিটাৰ্ণো কৰমুক্ত৷
পিপিএফ বজাৰৰ সৈতে যুক্ত নহয়৷ ফলত বজাৰৰ ওঠানমাৰ প্ৰভাৱ ইয়াত নপৰে৷ নিশ্চিত ৰিটাৰ্ণ পাব পাৰে বিনিয়োগৰাকীয়ে৷ ৩ বছৰৰ পাছত পিপিএফ একাউণ্টৰ বিপৰীতে ঋণো পাব পাৰে৷ ৭ বছৰৰ পাছত আংশিক টকা তোলাৰ সুবিধাও আছে৷ আৰ্থিক বিশেষজ্ঞই কয় যে অৱসৰৰ বাবে দীৰ্ঘম্যাদি বিনিয়োগ কৰিব খুজিলে তেওঁলোকৰ বাবে পোষ্ট অফিচৰ পিপিএফ আদৰ্শ স্কিম৷
ধৰা হল কোনো ব্যক্তিয়ে পোষ্ট অফিচৰ পিপিএফ স্কিমত প্ৰতিমাহে ৫হাজাৰ টকা বিনিয়োগ কৰিব খুজে৷ তেন্তে তেওঁ বছৰত মুঠ ৬০০০০ টকা বিনিয়োগ কৰিব৷ ১৫ বছৰ অৰ্থাৎ পিপিএফৰ মুঠ ম্যাদত তেওঁৰ বিনিয়োগৰ পৰিমাণ হব ৯লাখ টকা৷ ইয়াৰ ওপৰত তেওঁ সুদ পাব ৭.১ শতাংশ৷ তেন্তে তেওঁৰ সুদৰ পৰাই আয় হব ৭লাখতকৈ অধিক ধন৷ তেন্তে সুদ আৰু প্ৰকৃত মিলি তেওঁ মুঠ ১৬,২৭,২৮৪ টকা লাভ কৰিব৷ এনেকৈয়ে অলপ অলপকৈ বিনিয়োগ কৰি মুঠ টকাৰ কৰ্পাছ জমাব পাৰিব বিনিয়োগকাৰীয়ে৷
আৰ্থিক বিশেষজ্ঞই কয় যে পিপিএফ সম্পূৰ্ণ নিৰাপদ আৰু নিৰ্ভৰযোগ্য বিনিয়োগ মাধ্যম৷ এজন ব্যক্তিয়ে এটাই পিপিএফ একাউণ্ট খুলিব পাৰে৷ ম্যাদৰ পূৰ্বে আপুনি সেই একাউণ্ট বন্ধ কৰিব নোৱাৰিব৷ নিৰ্দিষ্ট চৰ্তত আংশিক প্ৰত্যাহাৰ কৰিব পাৰে৷ চৰকাৰ নিয়ন্ত্ৰিত স্কিম হোৱাৰ বাবে প্ৰতাৰণাৰো কোনো সম্ভাৱনা নাই৷ বিনিয়োগকাৰীয়ে সম্পূৰ্ণ নিশ্চিন্তে ধন বিনিয়োগ কৰিব পাৰে৷ সকলো মিলি দীৰ্ঘম্যাদি সঞ্চয়ৰ বাবে পিপিএফ চমৎকাৰ পৰিকল্পনা, যিয়ে ভৱিষ্যতলৈ ভাল ৰিটাৰ্ণ নিশ্চিত কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ