মাংকি পক্স ভাইৰাছে বিশ্বত ক্ৰমান্বয়ে উদ্বেগৰ সৃষ্টি কৰিছে। এইবাৰ ইংলেণ্ডৰ পিছতে ইউৰোপৰ স্পেইন, পৰ্তুগাল, ইটালী, ছুইডেনকে ধৰি কেইবাখনো দেশত মাংকি পক্সৰ সংক্ৰমণ ঘটিছে। কেৱল ইউৰোপেই নহয়, আমেৰিকা আৰু কানাডাতো লোক এই ভাইৰাছত আক্ৰান্ত হৈছে। আন কেইবাজনো লোকৰ একেধৰণৰ লক্ষণৰ বাবে স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে।
উল্লেখ্য যে যোৱা ৮ মে’ত লণ্ডনত প্ৰথমগৰাকী মাংকি পক্স ৰোগী ধৰা পৰিছিল। ইংলেণ্ডত মাংকি পক্সত আক্ৰান্ত প্ৰথমগৰাকী লোক নাইজেৰিয়াৰ পৰা উভতি আহিছিল।
সেয়ে বিশেষজ্ঞসকলৰ এটা ধাৰণা কৰিছিল যে আফ্ৰিকাত কেনেবাকৈ লোকজনে উক্ত ভাইৰাছৰ সংস্পৰ্শলৈ আহিছিল। কিন্তু ইয়াৰ পিছতো অন্যান্য লোকৰ শৰীৰলৈ কিদৰে এই ৰোগ বিয়পি পৰিল সেই বিষয়ে বিশেষজ্ঞসকল এতিয়াও নিশ্চিত হ’ব পৰা নাই।
লগতে পঢ়ক নৱেম্বৰ নে ডিচেম্বৰ! কিয় শীতকালতহে বিবাহপাশত আৱদ্ধ হ’ব অৰ্জুন-মালাইকা?
কি এই মাংকি পক্স?
বিশেষজ্ঞসকলৰ মতে এয়া এক বিশেষ ধৰণৰ বসন্ত। যদিও ছমপক্স বা ছমপক্সৰ ঔষধ আছে, তথাপিও চিকিৎসকে এই বিৰল ৰোগৰ সঠিক চিকিৎসাৰ বিষয়ে জানিব পৰা নাই।
ইয়াৰ প্ৰাথমিক লক্ষণসমূহ হ’ল— জ্বৰ, মূৰৰ বিষ, পিঠি আৰু শৰীৰৰ বিষ। আক্ৰান্ত লোকসকলে কঁপনি আৰু ভাগৰুৱা অনুভৱো কৰে। ইয়াৰ লগতে শৰীৰত সৰু সৰু দাগ দেখা দিয়ে। এই ৰোগৰ কিছুমান লক্ষণ মিজিলছ, মাম্পছ, স্কাৰ্ভি আৰু চিফিলিছৰ দৰেই।
শেহতীয়াকৈ চিকিৎসকে ভাবিছিল যে পানীজ্বলাৰ টোপালৰ জৰিয়তে এই ৰোগ বিয়পিব পাৰে। সেয়েহে বিশেষজ্ঞসকলৰ মতে শ্বাসনলী, ঘাঁৰ ঠাই, নাক, মুখ বা চকুৰ জৰিয়তে সুস্থ ব্যক্তিৰ শৰীৰত এই ভাইৰাছ প্ৰৱেশ কৰিব পাৰে।
লগতে পঢ়ক ঋতুস্ৰাৱ বন্ধ মানে গৰ্ভধাৰণ নহয়, গৰ্ভধাৰণৰ প্ৰাথমিক লক্ষণসমূহ কি কি?
কিন্তু নতুনকৈ সংক্ৰমিত হোৱা লোকসকলক পৰীক্ষা কৰাৰ পাছত চিকিৎসকে যৌন সম্পৰ্কৰ জৰিয়তেও মাংকি পক্স ভাইৰাছ বিয়পিব পাৰে বুলি আশংকা কৰিছে।
কিছুমান বিশেষজ্ঞৰ প্ৰাথমিক ধাৰণা অনুসৰি যদি মাংকি পক্সত আক্ৰান্ত কোনো লোকৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিলে সংগীগৰাকীও মাংকি পক্সত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















