সম্পদ এনে এক সামগ্ৰী যাক আপুনি একে নিশাত কাহানিও বঢ়াব নোৱাৰে৷ ইয়াৰবাবে আপোনাক দৰকাৰ হ’ব ধৈৰ্য্যৰ লগতে সঠিক বিনিয়োগৰ৷ যদি সঠিকভাৱে পৰিকল্পনা কৰি নিজৰ ধন বিনিয়োগ কৰিব পাৰে তেন্তে এটা নিৰ্দিষ্ট সময়ৰ পাছত আপুনি কোটিপতি হোৱাত কোনো বাধা হ’ব নোৱাৰে৷
মাহত ১৫০০ টকাৰ পৰা আৰম্ভ কৰি ৩৫০০ টকালৈকে বিনিয়োগ কৰি আপুনিও কোটিপতি হ’ব পাৰে৷ তাৰবাবে আপুনি সঠিকভাৱে বিনিয়োগ কৰিব লাগিব৷ SIP হৈছে এনে এক মাধ্যম য’ত বিনিয়োগ কৰিলে খুব সামান্য টকাৰ পৰাই আপুনি কোটিপতি হ’ব পাৰে৷
যদি ১.৫ কোটি টকা জমোৱাৰ পৰিকল্পনা তেন্তে মাহত আপুনি বিনিয়োগ কৰিব লাগিব ১৫০০, ২৫০০ বা ৩৫০০ টকা৷ বছৰি আপুনি সুদ পাব কমেও ১২ শতাংশকৈ৷ যদি মাহত ১৫০০ টকা কৈ বিনিয়োগ কৰিব পাৰে তেন্তে ১.৫ কোটি টকা পাবলৈ আপোনাৰ সময় লাগিব ৩৯বছৰ৷ যদি ২৫০০ টকাকৈ বিনিয়োগ কৰে তেন্তে আপোনাৰ ১.৫ কোটি জমা হ’বলৈ সময় লাগিব ৩৫ বছৰ৷ যদি মাহত ৩৫০০ টকাকৈ বিনিয়োগ কৰে তেন্তে ১.৫ কোটি পাবলৈ সময় লাগিব ৩২ বছৰ৷
যদি মাহত ১৫০০ টকাকৈ বিনিয়োগ কৰে তেন্তে আপোনাৰ বিনিয়োগ কৰা অৰ্থ হ’ব ৭লাখ ২ হাজাৰ টকা৷ আৰু কেপিটেল গেইন হিচাপে আপুনি পাব ১ কোটি ৫০লাখ ৯৮ হাজাৰ ৫১৬ টকা৷ আপোনাৰ হাতত মুঠ আহিব ১ কোটি ৫৮ হাজাৰ ৫১৬ টকা৷
যদি মাহত ২৫০০ টকাকৈ বিনিয়োগ কৰে তেন্তে আপোনাৰ বিনিয়োগ কৰা অৰ্থ হ’ব ১০ লাখ ৫০ হাজাৰ টকা৷ কেপিটেল গেইন পাব ১ কোটি ৫১ লাখ ৮৮ হাজাৰ ১৭৩ টকা৷ আপোনাৰ হাতত মুঠ টকা আহিব ১ কোটি ৫৭ লাখ ৮২ হাজাৰ ৫৪০ টকা৷ যদি মাহত ৩৫০০ টকাকৈ বিনিয়োগ কৰে তেন্তে আপোনাৰ বিনিয়োগ কৰা অৰ্থ হ’ব ১৩ লাখ ৪৪ হাজাৰ টকা৷ কেপিটেল গেইন পাব ১ কোটি ৪৪ লাখ ৩৮ হাজাৰ ৫৪০ টকা৷ আপোনাৰ হাতত টকা আহিব ১ কোটি ৫৭ লাখ ৮৭ হাজাৰ ৫৪০ টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ