মুড অৱ নেশন সমীক্ষাত দ্বিতীয়ত বিশ্বসুন্দৰী ঐশ্বৰ্য্য, তেন্তে প্ৰথম কোন !
চিনেমা জগতত ১ নম্বৰ আসনত কোন সেয়া দৰ্শকৰ পছন্দ অনুসৰি নিৰ্ণয় কৰা হয়। এনে পৰিস্থিতিত জনসাধাৰণে সবাতোকৈ জনপ্ৰিয় তাৰকা কোন সেয়া জানিবলৈ প্ৰায়ে ভোটগ্ৰহণো কৰে।
শেহতীয়াকৈ ইণ্ডিয়া টুডেৰ মুড অৱ দ্য নেশন (এম অ’ টি এন)ৰ সমীক্ষাত জনসাধাৰণক তেঁওলোকৰ প্ৰিয় তাৰকা কোন সেই সন্দৰ্ভত প্ৰশ্ন সোধা হৈছিল। এই সমীক্ষা ২০২৫ চনৰ ২ জানুৱাৰীৰ পৰা ২০২৫ চনৰ ৯ ফেব্ৰুৱাৰীলৈকে কৰা হৈছিল।
সমীক্ষা অনুসৰি ঐশ্বৰ্য ৰায় বচ্চন এতিয়াও মানুহৰ অতিকে প্ৰিয় , এই সমীক্ষাৰ দ্বিতীয় স্থানত বিশ্বসুন্দৰী ঐশ্বৰ্য। এতিয়া প্ৰশ্ন উত্থাপন হয় যে ঐশ্বৰ্য যদি দ্বিতীয় তেন্তে কোনগৰাকী অভিনেত্ৰী এক নম্বৰত!
মুড অৱ দ্য নেশনৰ সমীক্ষাত অনুৰাগীৰ সবাতোকৈ প্ৰিয় অভিনেত্ৰী হৈছে দীপিকা পাডুকন। অভিনেত্ৰীগৰাকীয়ে নিজৰ অভিনয় আৰু সৌন্দৰ্য্যৰে সকলোকে আকৰ্ষণ কৰি আহিছে। আনহাতে ঐশ্বৰ্য ৰায় বচ্চনে আজিও দ্বিতীয় স্থানেৰে নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে।
আনহাতে অভিনেতাৰ এক নম্বৰ আসনত আজিয়ো দশক দশক ধৰি একমাত্ৰ অমিতাভ বচ্চন। শতিকাৰ ছুপাৰষ্টাৰগৰাকীৰ অভিনয়ত আজিয়ো অনুৰাগী। এই তালিকাৰ দ্বিতীয় স্থানত আছে হিন্দী চিনেমাৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান। তৃতীয় স্থানত আছে দক্ষিণৰ আল্লু অৰ্জুন। ভাইজান ছলমান খান এই তালিকাৰ চতুৰ্থত। পঞ্চম স্থানত অক্ষয় কুমাৰ।
গায়কৰ ক্ষেত্ৰত অনৰাগীৰ পছন্দৰ শীৰ্ষত অৰিজিত সিং , দ্বিতীয় স্থানত সোণু নিগম, তৃতীয় স্থানত জুবিন নৌতিয়াল, চতুৰ্থ স্থানত হানি সিং আৰু পঞ্চম স্থানত দিলজিৎ দোছাঞ্জ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ