মাতৃক সন্তানৰ সৰ্বশ্ৰেষ্ঠ ৰক্ষক হিচাপে গণ্য কৰা হয়। কাৰণ মাকে সন্তান জন্ম দিয়াই নহয়, লালন-পালন কৰি ডাঙৰ-দীঘল কৰে। সততে মাতৃৰ অপত্য স্নেহৰ বিষয়েও আলোচনা কৰা হয়৷
কিন্তু কৰ্ণাটকৰ এনে এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে এগৰাকী মাতৃয়ে নিজৰ সন্তানক বেলকনিৰ পৰা পেলাই হত্যা কৰিছে। এই ঘটনাৰ সমগ্ৰ দৃশ্য চিচিটিভিৰ কেমেৰাত বন্দী হৈ আছে।
ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে এগৰাকী মাতৃয়ে চাৰি বছৰীয়া কন্যা সন্তানক চতুৰ্থ মহলাৰ পৰা তললৈ পেলাই দিছে। এই মৰ্মান্তিক ঘটনাত কন্যাটিৰ থিতাতে মৃত্যু ঘটে। ঘটনাটো যোৱা ৪ আগষ্টত সংঘটিত হয়।
A woman was arrested in #Bengaluru for killing her four-year-old mentally challenged daughter by throwing her from the fourth floor of a building, police said. pic.twitter.com/S96GaVblxx
— IANS (@ians_india) August 5, 2022
লগতে পঢ়ক ফেচবুকত ভাইৰেল দৃষ্টিহীন পিতৃ-মাতৃ: পাঁচবছৰীয়া সন্তান ৰাহুলেই হ’ল জীৱনৰ লাখুটি!
প্ৰকাশিত তথ্য অনুসৰি যোৱা ৪ আগষ্টত বেংগালুৰু কেন্দ্ৰীয় সংমণ্ডলৰ এছ আৰ নগৰৰ এটা এপাৰ্টমেণ্টত অভিযুক্ত মহিলাগৰাকীয়ে নিজৰ কন্যাক চতুৰ্থ মহলাৰ পৰা পেলাই হত্যা কৰে।
খবৰ অনুসৰি, ছোৱালীজনী আছিল দিব্যাংগ অৰ্থাৎ মুকবধিৰ। কন্যাটি মুকবধিৰ হোৱাৰ বাবেই মাতৃগৰাকী পূৰ্বৰে পৰা অতি দুখী আৰু বিচলিত হৈ হৈছিল।
ইফালে নিজ কন্যাক হত্যা কৰাৰ অপৰাধত মাতৃগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। অভিযুক্ত মহিলাগৰাকী নন প্ৰেকটিচিং ডেন্টিষ্ট আৰু কন্যা শিশুটিৰ পিতৃ এজন চফটৱেৰ ইঞ্জিনিয়াৰ বুলি জানিব পৰা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ