যোৱা বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এক বিশেষ ৰায় দি কয়ে যে শিশুৰ একমাত্ৰ প্ৰাকৃতিক অভিভাৱক হোৱাৰ বাবে মাতৃৰে শিশুৰ উপাধি নিৰ্ণয় কৰাৰ অধিকাৰ আছে। ন্যায়াধীশ দীনেশ মহেশ্বৰী আৰু ন্যায়াধীশ কৃষ্ণ মুৰাৰীৰ বিচাৰপীঠে কয় যে মাতৃয়ে শিশুৰ একমাত্ৰ স্বাভাৱিক অভিভাৱক আৰু মাতৃয়ে শিশুৰ উপাধি নিৰ্ণয় কৰাৰ সম্পৰ্ণ অধিকাৰ আছে।
উল্লেখযোগ্য যে গীতা হৰিহৰণ আৰু অৰ্চ বনাম ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া আৰু অন্যান্যৰ গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়ে কয় যে হিন্দু সংখ্যালঘু আৰু দত্তক আইন, ১৯৫৬ চনৰ ৬ নং ধাৰা অনুসৰি নাবালক তথা শিশুৰ স্বাভাৱিক অভিভাৱক হিচাপে মাতৃক গণ্য কৰা হয়৷
শিশুৰ জৈৱিক পিতৃৰ উপাধি পুনৰুদ্ধাৰৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ বাবে ২০১৪ চনত অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশ বাতিল কৰে উচ্চতম ন্যায়ালয়ে।
লগতে পঢ়ক হোষ্টেলৰ কোঠাত আত্মহত্যা B.Techৰ ছাত্ৰী, লেপটপত ছুইচাইড নোট উদ্ধাৰ
উল্লেখ্য যে ২০০৬ চনত এগৰাকী মহিলাৰ প্ৰথম স্বামীৰ মৃত্যু হোৱাৰ সময়ত তেওঁলোকৰ সন্তানৰ বয়স আছিল মাত্ৰ ডেৰ-দুবছৰ। ২০০৭ চনত তেওঁ পুনৰ বিবাহপাশত আবদ্ধ হয়। শিশুটিৰ জৈৱিক পিতৃৰ উপাধি ব্যৱহাৰ কৰাৰ অনুমতি দিবলৈ পিতৃৰ হৈ শিশুটিৰ ককা-আইতাকে আদালতক আহ্বান জনাইছিল। উচ্চ ন্যায়ালয়ে নির্দেশ দিয়ে যে প্রাকৃতিক অৰ্থাৎ জৈৱিক পিতৃৰ নাম দেখুৱাব লাগিব আৰু অন্যথা মহিলাগৰাকীৰ দ্বিতীয় স্বামীৰ অৰ্থাৎ শিশুটিৰ সতীয়া পিতৃৰ উপাধি গ্ৰহণ কৰিব লাগিব৷
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই মহিলাগৰাকীয়ে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে। ২০১৯ চনৰ জুলাই মাহত বৰ্তমানৰ আবেদনখন বিচাৰধীন হৈ থকাৰ সময়ত শিশুটিৰ সতীয়া পিতৃয়ে পঞ্জীয়নভুক্ত registered adoption deedৰ জৰিয়তে শিশুটিৰ পিতৃ হৈছিল।
উচ্চ ন্যায়ালয়ে মহিলাগৰাকীৰ বৰ্তমান স্বামীক অৰ্থাৎ সতীয়া পিতৃৰ নাম নথি-পত্ৰত অন্তৰ্ভুক্ত কৰাৰ নিষ্ঠুৰ নিৰ্দেশে শিশুটিৰ মানসিক স্বাস্থ্য আৰু আত্মসন্মানত বেয়া প্ৰভাৱ পেলাব বুলিও দেশৰ শীৰ্ষ আদালতে উল্লেখ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ