সোণৰ গহনা আৰু বীমাৰ ধনক লৈ হোৱা বিবাদৰ পৰিণতিত এগৰাকী মহিলাক হ*ত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে তেওঁৰেই কন্যা আৰু জোঁৱাইৰ বিৰুদ্ধে। ঘটনাৰ তদন্তৰ পিছত আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাৰ পাছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰ জিলাৰ পন্নুৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হ*ত্যাকাণ্ড। মৃত মহিলাগৰাকীৰ নাম লক্ষ্মী বুলি জানিব পৰা গৈছে। তেওঁ কেবিনপেটৰ বাসিন্দা আৰু এখন ব্যক্তিগত চিকিৎসালয়ত নাৰ্ছ হিচাপে কাম কৰিছিল।
লক্ষ্মীৰ কন্যা পুষ্পলাথাৰ পূৰ্বে বিৱাহ হৈছিল। কিন্তু সন্তান জন্মৰ পিছত স্বামীৰ সৈতে তেওঁৰ বিচ্ছেদ ঘটে। তাৰ পিছত পুষ্পলাথাৰ পুত্ৰক লক্ষ্মীয়ে নিজেই ডাঙৰ-দীঘল কৰিছিল। পিছত পুষ্পলাথা হায়দৰাবাদলৈ যায় আৰু পুনৰ বিৱাহপাশত আবদ্ধ হয়। কিছুদিনৰ পাছত তেওঁ পন্নুৰলৈ উভতি আহে। আৰক্ষীৰ মতে, ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামৰ জৰিয়তে ৰাজকুমাৰ নামৰ এজন লোকৰ সৈতে তেওঁৰ পৰিচয় হৈছিল আৰু পিছত দুয়োৰে বিৱাহ হয়।
আৰক্ষীৰ তদন্ত অনুসৰি, প্ৰায় তিনিমাহ পূৰ্বে পথ দুৰ্ঘটনাত লক্ষ্মীৰ পুত্ৰৰ মৃত্যু হৈছিল। এই দুৰ্ঘটনাৰ পিছত পৰিয়ালটোৱে বীমাৰ ধন লাভ কৰিছিল। ইয়াৰ পিছতে পুষ্পলাথা আৰু তেওঁৰ স্বামী ৰাজকুমাৰ লক্ষ্মীৰ সৈতে একেলগে থাকিবলৈ লয়। কিন্তু কিছুদিনৰ পাছত লক্ষ্মীয়ে তেওঁলোকক ঘৰৰ পৰা ওলাই যাবলৈ কয়। পৰিয়ালটোৰ খৰচ বহন কৰাটো তেওঁৰ বাবে কঠিন হৈ পৰিছিল বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ মতে, পুষ্পলাথাই বীমাৰ ধনৰ এটা অংশ তেওঁৰ ভাতৃৰ বাবে বিচাৰিছিল। কিন্তু লক্ষ্মীয়ে সেই ধনেৰে বন্ধকত থকা এটা সোণৰ গহণা মুকলি কৰি আনিছিল। পুষ্পলাথাই সেই সোণৰ গহণা ঘূৰাই দিবলৈ দাবী কৰে। লক্ষ্মীয়ে গহনা ঘূৰাই দিবলৈ অস্বীকাৰ কৰাত মাতৃ-কন্যাৰ মাজৰ বিবাদ অধিক তীব্ৰ হৈ পৰে। আৰক্ষীৰ অভিযোগ অনুসৰি, সোণৰ গহণা লাভ কৰাৰ উদ্দেশ্যে পুষ্পলাথা আৰু ৰাজকুমাৰে লক্ষ্মীক হ*ত্যাৰ পৰিকল্পনা কৰিছিল।
এই হ*ত্যাকাণ্ডৰ তদন্তত লক্ষ্মীৰ সাত বছৰীয়া নাতিৰ বক্তব্যই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আৰক্ষীৰ মতে, শিশুটোৱে ঘটনাটো দেখা পাইছিল। অভিযোগ অনুসৰি, পুষ্পলাথা আৰু ৰাজকুমাৰে শিশুটিক চাইকেল কিনি দিয়াৰ প্ৰতিশ্ৰুতি দি ঘটনাটোৰ বিষয়ে কাকো নক’বলৈ কৈছিল। কিন্তু আৰক্ষী আৰু স্থানীয় লোকে লক্ষ্মীৰ মৃ*ত্যুৰ ঘটনাৰ তদন্ত চলাই থকাৰ সময়ত শিশুটোৱে অৱশেষত ঘটনাটোৰ বিষয়ে সবিশেষ প্ৰকাশ কৰে। শিশুটোৰ বক্তব্যৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আগবঢ়াই নিয়ে আৰু পুষ্পলাথা তথা ৰাজকুমাৰক গ্ৰেপ্তাৰ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















