অসম লাইভ ২৪ঃ বিশ্বৰ সৰ্বাধিক ব্যয়বহুল ফল ‘japanese muskmelon’ অৰ্থাৎ ‘খৰবোজা’। উৎপাদন প্ৰক্ৰিয়াও সুকীয়া এইবিধ ফলৰ। সাৰ-পানীৰ জৰিয়তে নহয়, এইফলবিধৰ উৎপাদন তথা বৃদ্ধিৰ বাবে কৃষকসকলে ব্যৱহাৰ কৰে classical music আৰু massages therapy। সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় এবিধ অন্যতম পুষ্টিকৰ ফল ‘খৰবোজা’। প্ৰতিকেজি ‘খৰবোজা’ৰ বজাৰ মূল্য ১৫,০০০ টকা। প্ৰধানতঃ মালেছিয়াত উৎপাদন কৰা হয় এই ‘japanese muskmelon’। ফলবিধৰ বৃদ্ধি, বিকাশ আৰু পুষ্টিৰ বাবে কৃষকসকলে ব্যৱহাৰ কৰে উচ্চ স্বৰৰ ধ্ৰুপদী সংগীত আৰু massages therapy। স্বাদ বৃদ্ধিৰ বাবে ফলৰ ওপৰভাগত কোমল কাপোৰেৰে দৈনিক নিৰ্দিষ্ট হিচাপত massage কৰে কৃষকসকলে। প্ৰায় ১০ বছৰ পূৰ্বে মালেছিয়াৰ ৩ জন কৃষকে উদ্ভাৱন কৰি উলিয়াইছিল উৎপাদন বৃদ্ধিৰ বাবে এই ব্যতিক্ৰমী প্ৰক্ৰিয়া। সমগ্ৰ বিশ্বত ‘art piece’ নামেৰে জনাজাত এইবিধ বিশেষ ফল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ