ৰোজা নৰখাৰ বাবেই মহম্মদ ছামিক ‘ক্ৰিমিনেল বুলি আক্ৰমণ কৰিলে অল ইণ্ডিয়া মুছলিম জামাতে৷ ইছলামি সংগঠনৰ প্ৰেছিডেণ্টৰ দাবী, ৰোজা নাৰাখি ভয়ংকৰ অপৰাধ কৰিছে তাৰকা পেছাৰে৷ শৰিয়তৰ চকুত তেওঁ এজন ক্ৰিমিনেল৷ কেৱল অপৰাধ কৰাই নহয়, সমগ্ৰ দুনীয়াক ছামিয়ে ভুল বাৰ্তা দিছে বুলিও মত সেই মৌলৱীৰ৷ বিতৰ্কৰ সূত্ৰপাত মঙলবাৰে৷ সেইদিনা ডুবাইৰ চেম্পিয়নছ ট্ৰফিৰ ছেমিফাইনেলত খেলত নামিছে ভাৰতীয় দলে৷
সেই মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনি উইকেট লৈছে ছামিয়ে৷ মেচ চলাৰ সময়ত দেখা গৈছে যে, বাউণ্ডৰি লাইনৰ কাষত এনাৰ্জি ড্ৰিংক পান কৰিছে ছামি৷ সেই ছবি মুহূৰ্তত ভাইৰেল হৈ পৰিছে নেটদুনীয়াত৷ সকলোৱে বুজিব পাৰে, ৰমজান মাহ আৰম্ভ হৈ গ’লেও ছেমিফাইনেলত দিনা ৰোজা ৰখা নাই ছামিয়ে৷
তাৰপাছতেই তাৰকা পেছাৰৰ ধৰ্মীয় পৰিচয় উল্লেখ কৰি আৰম্ভ হয় সমালোচনা৷ কিন্তু এইবাৰ ভাৰতীয় পেছাৰৰ ষ্টান ক্ৰিমিনেল বুলি আক্ৰমণ কৰিলে অল ইণ্ডিয়া মুছলমান জামাতৰ প্ৰেছিডেণ্টে৷ তেওঁৰ দাবী, ‘‘ইছলামে অৱশ্যে পালনীয় কৰ্তব্যৰ মাজত অন্যতম হৈছে ৰোজা৷ কোনো সুস্থ মানুহে যদি ৰোজা নাৰাখে তেন্তে এয়া বিৰাট পাপ কৰিছে৷ মহম্মদ ছামিয়ে মেচ চলাৰ সময়ত পান কৰা পানীয়ৰ ছবি সমগ্ৰতে ভাইৰেল হৈছিল৷ ফিল্ডত নামি খেলিছে মানে তেওঁ সুস্থ৷ তাৰপাছতো ৰোজা ৰখা নাই, ওলোটাই পানী খাইছে৷’
ৰাজভিৰে কয়, ‘সমগ্ৰ দুনীয়াৰ ওচৰত তেওঁ এটা বেয়া উদাহৰণ দাঙি ধৰিছে৷ সেয়ে শৰিয়তৰ চকুত তেওঁ অপৰাধী৷ ঈশ্বৰৰ ওচৰত জবাবদিহি হ’ব লাগিব ছামি৷’ এই মত মৌলবীৰ৷ মৌলবীৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ অৱশ্যে দিছে মহম্মদ ছামীৰ ভাতৃ মহম্মজ কাইফে৷ তেওঁৰ মত, ‘নামাজৰ দৰেই ৰোজাও মুছলমানৰ অৱশ্যে পালনীয় কৰ্তব্য৷ কিন্তু কোনোৱে যদি ঘৰৰ বাহিৰত থাকে, তেওঁৰ বাবে কিছু ব্যতিক্ৰমতা থাকেই৷’ ইছলামী শাস্ত্ৰ ভালকৈ পঢ়ি তথ্য আয়ত্ত্ব কৰিহে মৌলবীক বিতৰ্কত নামিবলৈ আহ্বান ছামীৰ ভাতৃৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















