অসম লাইভ ২৪ : আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলা প্ৰশাসনে নিৰ্বাচনী অভিযোগ আৰু নিৰ্বাচন সম্পৰ্কীয় যিকোনো তথ্যৰ বাবে স্থাপন কৰিছে এটা নিয়ন্ত্ৰণ কক্ষ। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণত এই কক্ষ স্থাপন কৰা হৈছে। এই নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰ হৈছে- 03672236827। নিয়ন্ত্ৰণ কক্ষৰ এই নম্বৰটো ২৪ ঘণ্টাই সক্ৰিয় হৈ থাকিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















