অসম লাইভ২৪ঃ বিষয়ঃ কৰিশ্মা নাথ। কৰিশ্মাৰ নাগাৰা নাম একাংশই যেনেকৈ আদৰি লৈছে তেনেকৈয়ে একাংশৰ আকৌ ঘোৰ আপত্তি। নাগাৰা নামেৰে ৰাজ্যজুৰি খলকনি তোলা কৰিশ্মাক নাগাৰা নাম সংঘই একাষৰীয়া কৰাৰ কথা ঘোষণা কৰিছে। কৰিশ্মা নাথৰ সৈতে নাগাৰা নাম সংঘ আৰু নাই বুলি জনাইছে সংঘৰ সম্পাদক নিপন দত্তই। অৱশ্যে কৰিশ্মাক এঘৰীয়া কৰা নাই নাগাৰা নাম সংঘই।
নিপন দত্তই কৰিশ্মা সন্দৰ্ভত কয়, ‘কৰিশ্মা নাথক বহিষ্কাৰ কৰা নাই, কিন্তু যিসকল নাগাৰা নামৰ শিল্পীয়ে নাগাৰা নাম সংঘৰ বিৰুদ্ধে মন্তব্য কৰিব সেইসকলৰ লগত সংঘ নাথাকে। কৰিশ্মাৰ পৰা সেয়ে সংঘ আঁতৰি আহিছে।’ ৰাইজে মাতিলে কৰিশ্মাই নাম পৰিৱেশনত কোনো আপত্তি নাই বুলিও কয় নিপন দত্তই। লগতে কয়,’ৰাইজে মাতিলে কোনো আপত্তি নাই নাগাৰা নাম সংঘৰ।’
ইপিনে এই সন্দৰ্ভত কৰিশ্মাই কয়, ‘মোক সংঘই একো জনোৱা নাই। সংঘৰ মিটিং হৈছে মোক মতা নাই। এখন মিটিঙলৈ মাতিছিল, অৱশ্যে সেইখন সংঘৰ মিটিং নহয় দৰঙী কলা–কৃষ্টিৰহে মিটিং আছিল। মোৰ অসুবিধাৰ বাবে যাব পৰা নাছিলো। কিন্তু সংঘৰ মিটিঙলৈ মোক মতা নাই। তেওঁলোকে কি সিদ্ধান্ত লৈছে মোক বিতংভাৱে কোনোৱে জনোৱাও নাই। যদি সংঘই বহিষ্কাৰ কৰে মানিবই লাগিব। কিন্তু এতিয়া ৰাইজে জানিব, ৰাইজে যদি মাতে নাম গাম। ৰাইজে যদি নামাতে ঘৰতে থাকিম। মই ক্ষমা খুজিম, লাগিলে ভৰিত ধৰিম। অকল সংবিধানখন কৰিশ্মাৰ কাৰণে নহয়, সকলোৰে বাবে সমান। যদি সকলোৰে বাবে সমান তেন্তে সকলোৱে ক্ষমা খোজক, ময়ো ক্ষমা খুজিম।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















