অসম লাইভ ২৪ঃ সোমবাৰে বিয়লি ভিডিঅ’ কনফাৰেন্সযোগে দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দেশৰ ক’ৰোনা পৰিস্থিতি আৰু টীকাকৰণ সন্দৰ্ভত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰীগৰাকীয়ে। চলিত বৰ্ষতেই দেশবাসীক সম্পূৰ্ণৰূপে টীকাকৰণ কৰা হ’ব বুলি উল্লেখ কৰে নৰেন্দ্ৰ মোদীয়ে। ২১ জুনৰ পৰা দেশৰ প্ৰতিখন ৰাজ্যৰ ১৮ ঊৰ্ধ্বৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে বিনামূলীয়া টীকাকৰণ উপলব্ধ হ’ব। ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ভেকচিনেচন অভিযান এপ্ৰিলৰ শেষলৈকে কেন্দ্ৰৰ তত্বাৱধানত সম্পন্ন হৈছে। ভেকচিন উৎপাদন কোম্পানীসমূহৰ পৰা মুঠ উৎপাদনৰ ৭৫ শতাংশ ভেকচিন ভাৰতে নিজেই ক্ৰয় কৰি ৰাজ্যসমূহক প্ৰদান কৰিব। লগতে ক’ভিড-১৯ক বিগত এশ বছৰৰ ভিতৰত হোৱা আটাইতকৈ ভয়াৱহ মহামাৰী বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ উপৰি দেশৰ ৮০ কোটিৰ অধিক দৰিদ্ৰ লোকক নবেম্বৰ পৰ্যন্ত বিনামূলীয়া ৰেচন কেন্দ্ৰই যোগান ধৰিব বুলি উল্লেখ কৰে মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে বিশ্বত চাহিদা অনুসৰি ভেকচিন উৎপাদন কৰা দেশ আৰু কোম্পানী বহুত কম। দেশৰ ২৩ কোটিতকৈ অধিক লোকক ভেকচিন দিয়া হৈছে। বর্তমান দেশৰ ৭টা কোম্পানীয়ে ভেকচিন উৎপাদন কৰি আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















