আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ দুৱাৰ মুখ হৈছে পৰিছে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাট? পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ পিছতে এই প্ৰশ্নৰ উত্থাপন হৈছে৷
যোৱা বৃহস্পতিবাৰে কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱাই গুজৰাটৰ মুন্দ্ৰা বন্দৰৰ সমীপৰ পৰা পুনৰ প্ৰায় ৫০০ কোটি মূল্যৰ ড্ৰাগছ জব্দ কৰে৷
গোপন সূত্ৰ তথ্যৰ ভিত্তিত ডিআৰআই বিষয়াৰ দলে ইৰাণৰ পৰা ডুবাই হৈ মুন্দ্ৰা বন্দৰলৈ অহা এটা কন্টেইনাৰ জব্দ কৰি ৫৬ কিলোগ্ৰাম কোকেইন জব্দ কৰে৷
লগতে পঢ়ক ফেচবুকত বিশেষ পৰিৱৰ্তন! কি কি পৰিৱৰ্তন হ’ল জানিবলৈ চাওক…
বিভাগে ড্ৰাগছখিনিৰ মূল্য কিমান হ’ব সেয়া প্ৰকাশ নকৰিলেও অন্তঃৰাষ্ট্ৰীয় বজাৰত এক কিলোগ্ৰাম ড্ৰাগছৰ মূল্য ১০ কোটি টকালৈ চাই জব্দকৃত ড্ৰাগছখিনিৰ মূল্য ৫০০ কোটিৰো অধিক হ’ব বুলি ধাৰণা কৰা হৈছে৷
যোৱা মাহত ডিআৰআইয়ে গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী স্কোয়াড (এটিএছ)ৰ সৈতে যৌথ অভিযানত কুচ্চ জিলাৰ কাণ্ডলা বন্দৰৰ ওচৰৰ এটা কণ্টেইনাৰ ষ্টেচনত অভিযান চলাই ১৩০০ কোটি মূল্যৰ প্ৰায় ২৬০ কিলোগ্ৰাম হেৰ’ইন জব্দ কৰিছিল।
ইয়াৰ পিছতে এটিএছ আৰু ডিআৰআইয়ে সৌৰাষ্ট্ৰ অঞ্চলৰ আন এটা বন্দৰত এখন জাহাজ কণ্টেইনাৰৰ পৰা ৪৫০ কোটি মূল্যৰ প্ৰায় ৯০ কিলোগ্ৰাম হেৰ’ইন জব্দ কৰে।
লগতে পঢ়ক দুৰ্নীতিত লুতুৰি-পুতুৰি! ১০ বছৰৰ পিছত পুনৰ ৪ বছৰৰ কাৰাদণ্ড প্ৰাক্তন মুখ্যমন্ত্ৰীক
ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহত আদানী গোটৰ দ্বাৰা পৰিচালিত মুন্দ্ৰা বন্দৰৰ পৰা ৩০০০ কেজি ড্ৰাগছ জব্দ কৰা হৈছিল। আদানীৰ মুন্দ্ৰা বন্দৰত ২০২১ চনৰ ছেপ্টেম্বৰ মাহত জব্দ কৰা সেই বৃহৎ হেৰ’ইনখিনি আফগানিস্তানৰ ভাৰতলৈ সাগৰীয় পথেৰে সৰবৰাহ কৰা হৈছিল।
আফগানিস্তানৰ পৰা ভাৰতলৈ বৃহৎ পৰিমাণৰ ড্ৰাগছ সৰবৰাহৰ সৈতে সন্ত্ৰাসবাদী সম্পৰ্ক থকাৰ আশংকা কৰি তদন্তৰ বাবে এই গোচৰটো NIA হাতত অৰ্পণ কৰা হৈছিল। NIAএ এই গোচৰৰ তদন্ত কৰি আছে আৰু মুন্দ্ৰা বন্দৰত ডেলিভাৰী কৰা ড্ৰাগছ নিষিদ্ধকৰণৰ সৈতে জড়িত কেইবাজনো আফগান নাগৰিকক গ্ৰেপ্তাৰো কৰিছে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাটত বাৰে বাৰে এইদৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হোৱাৰ ঘটনাই গুজৰাট আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহ মূল ঘাটি তথা দুৱাৰমুখ হৈ পৰিছে নেকি? এই প্ৰশ্নই এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ