ওমানৰ তেল জাহাজ দুৰ্ঘটনা, ১৩ ভাৰতীয়সহ ১৬ সন্ধানহীন, কোনোমতে ৯ জনক উদ্ধাৰ
ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজ আই এন এছ টেগে ওমানৰ উপকূলত এখন তেল টেংকাৰ বাগৰি পৰাত নিৰুদ্দেশ হোৱা ১৬ জনৰ ভিতৰত ৯ জন ক্ৰু মেম্বাৰক উদ্ধাৰ কৰিছে। উলটি যোৱা তেল টেংকাৰখনৰ বাবে চাৰ্চ এণ্ড ৰেচকিউৰ সহায়ৰ বাবে নিয়োগ কৰা হৈছে নৌসেনাৰ যুদ্ধজাহাজখন।
৯ জন সদস্যৰ ভিতৰত ৮ জন ভাৰতীয় আৰু এজন শ্ৰীলংকাৰ বুলি জানিব পৰা গৈছে। ওমানৰ বন্দৰ চহৰ ডুকনৰ সমীপৰ ৰাছ মাদ্ৰাকাৰ দক্ষিণ-পূবে ২৫ নটিকেল মাইল দূৰত ক’ম’ৰ’ছৰ পতাকা থকা তেল টেংকাৰ এম টি ফেলকন প্ৰেষ্টিজৰ সমগ্ৰ ক্ৰু উটি যায়। দুৰ্ঘটনাৰ সময়ত জাহাজ খনত ১৬ গৰাকী লোক আছিল, ১৬ জন ক্ৰু সদস্যৰ ভিতৰত আছিল ১৩ ভাৰতীয় আৰু তিনিজন শ্ৰীলংকাৰ নাগৰিক।
অঞ্চলটোত প্ৰচণ্ড বতাহৰ সৃষ্টি হোৱাৰ বাবে প্ৰত্যাহ্বানমূলক বতৰৰ পৰিস্থিতিত এই অভিযান চলোৱা হৈছে। নৌসেনাৰ লং ৰেঞ্জ মেৰিটাইম ৰিকনেছান্স বিমান পি ৮ আইয়েও জীৱিত লোকৰ সন্ধানত সহায় কৰি আছে।
https://x.com/indiannavy/status/1813600625524920390
ডুকম বন্দৰটো ওমানৰ দক্ষিণ-পশ্চিম উপকূলত অৱস্থিত, চুলতানেটৰ ডাঙৰ তেল আৰু গেছ খনন প্ৰকল্পৰ ওচৰত, য’ত ডুকমৰ বিশাল ঔদ্যোগিক অঞ্চলৰ অংশ হিচাপে গঠিত এটা ডাঙৰ তেল শোধনাগাৰও আছে, যিটো ওমানৰ আটাইতকৈ ডাঙৰ একক অৰ্থনৈতিক প্ৰকল্প।
সূত্ৰই জনোৱা মতে, উলটি যোৱা তেল টেংকাৰখনে ১৫ জুলাইৰ নিশা প্ৰায় ১০ মান বজাত ওমানৰ উপকূলৰ ওচৰত এটা ডিষ্ট্ৰেছ কল প্ৰেৰণ কৰিছিল।
ভাৰতীয় দূতাবাসে ওমান কৰ্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগত থকা বুলি উল্লেখ কৰি এই অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ সমন্বয় ওমান মেৰিটাইম ছিকিউৰিটি চেণ্টাৰ আৰু ভাৰতীয় নৌসেনাই অঞ্চলটোত অভিযান চলাই আছে বুলি জানিবলৈ দিয়ে।
এল এছ ই জিৰ জাহাজৰ তথ্যত প্ৰকাশ পাইছে যে এই জাহাজখন ২০০৭ চনত নিৰ্মিত ১১৭ মিটাৰ দীঘল তেল সামগ্ৰীৰ টেংকাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ