২১ বছৰ ধৰি ইণ্ডাষ্ট্ৰীত ৰাজত্ব কৰিছে তেওঁ৷ একাধিক ছবিত অভিনয়৷ তেওঁৰ অভিনয় চাবলৈ ৰৈ থাকে লাখে লাখে দৰ্শক৷ লকডাউনৰ পাছত সকলোকে হলমুখি কৰা মানুহজন আন কোনো নহয় তেওঁ আল্লু অৰ্জূন৷ দক্ষিণী ছুপাৰষ্টাৰ আল্লুৰ আহি আছে আন এখন ছবি৷ পুষ্পা-২ৰ বাবে গভীৰ আগ্ৰহেৰে বাট চাই আছে দৰ্শকে৷
লকডাউনৰ ঠিক পাছতেই মুক্তি পাইছিল পুষ্পা৷ যি চৰিত্ৰৰে নিশাৰ ভিতৰতে ভাইৰেল হৈ উঠিছিল আল্লু অৰ্জূন৷ এই ছবিৰ মাধ্যমেৰেই যেন এক নতুন তাৰকাক দেখিছিল সকলোৱে৷ গাৰ কলা ৰং, গালভৰ্তি দাঢ়ি, পিন্ধনত লুঙ্গী, চাৰ্টো অদ্ভুত ডিজাইনৰ হোৱাৰ ওপৰিও খোজতো আছিল নতুনত্ব৷ হিৰ এনেকুৱা হ’ব পাৰে ভাৱিবই পৰা নাছিল দৰ্শকে৷ এই ৰূপেৰে নায়কৰ বজাৰত দৰ বাঢ়িছিল আল্লুৰ৷ দিনে দিনে আল্লুৰ সম্পত্তিয়ে আকাশ চুইছে৷ দক্ষিণী অভিনেতাৰ মুঠ নেট ৱৰ্থ কিমান সেয়া জানিবলৈকো এতিয়া আগ্ৰহী হৈ উঠিছে বহুজন৷
আল্লু অৰ্জূন কেৱল এগৰাকী অভিনেতাই নহয়৷ তেওঁৰ নিজৰ এটা প্ৰযোজনা সংস্থা আছে৷ প্ৰযোজক হিচাপেও তেওঁ সফল৷ তেওঁৰ সম্পত্তিৰ পৰিমানে বলীউডৰ ধনী অভিনেতাকো টক্কৰ দিয়ে৷ নায়কৰ সম্পত্তিৰ পৰিমাণ শুনিলে চমকি উঠে বহুজনেই৷ সূত্ৰৰ মতে নায়কৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৫০ মিলিয়ন যি হিচাপ কৰিলে ভাৰতীয় টকাত হয় ৪৬০ কোটি টকা৷ পূৰ্বে তেওঁ এখন চিনেমাত অভিনয়ৰ বাবে লৈছিল ৬৫ কোটি৷ এতিয়া তেনে নহয়৷ এতিয়া আল্লুৱে পাৰিশ্ৰমিকৰ ওপৰিও চিনেমাত হোৱা লাভৰ কিছু অংশও লাভ কৰে৷
পুষ্পাৰ সফলতাৰ পাছত নায়ক আল্লুৰ পাৰিশ্ৰমিক কেইবাগুণো বৃদ্ধি পাইছে৷ শুনা গৈছে যে অভিনেতাগৰাকীৰ পাৰিশ্ৰমিক এতিয়া প্ৰায় ১০০ কোটি হৈছেগৈ৷ প্ৰথমৰে পৰাই আল্লু অৰ্জূনৰ সামাজিক মাধ্যমতো খুবেই জনপ্ৰিয় আছিল৷ তেওঁৰ নতুন ছবিৰ টিজাৰ লুকো সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে৷ পুষ্পা ২ ছবিত আল্লু অৰ্জুনক আৰু এখোজ আগুৱাই শক্তিশালী ছুপাৰষ্টাৰ হিচাপে উপস্থাপন কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















