হাতে হাতে মোবাইল ফোন৷ সেই দিন অচিৰেই অতীত হ’ব৷ মোবাইল ফোন মিউজিয়ামত সংৰক্ষিত হ’ব৷ ইয়াৰবাবে দায়ী হ’ব কেৱল এজন ব্যক্তি৷ আৰু সেই ব্যক্তি আন কোনো নহয় তেওঁ হৈছে এলন মাস্ক৷ টেছলাৰ চিইঅ’ মাস্কে নতুন প্ৰযুক্তি অনাৰ চিন্তা চৰ্চা কৰিছে৷ যি প্ৰযুক্তিয়ে এই পৃথিৱীৰ পৰা বিদায় দিব স্মাৰ্টফোনক৷ আপুনি মই তেতিয়া মোবাইলৰ সলনি সেই প্ৰযুক্তিৰ পাছতহে দৌৰাৰ চিন্তা কৰিম৷ এই দিন নিচেই সমাগত৷
এই বিশেষ প্ৰযুক্তিৰ উৰালিংক চিপ, যি ইতিমধ্যে সফলভাৱে মানুহৰ মস্তিষ্কত বহোওৱা হৈছে৷ এই প্ৰযুক্তিক লৈ এক্স প্লেটফৰ্মত বিশেষ পোষ্ট কৰিছে এলন মাস্কে৷ তেওঁৰ চিন্তাধাৰাৰ সৈতে সংপৃক্ত হৈ পৰিব এই নিউৰালিংক৷ নিউৰালিংক ইণ্টাৰফেছ যদি চিপ হিচাপে মানুহৰ মস্তিষ্কত বহুওৱা হয় তেন্তে কেনে হ’ব সেই মগজুৰ কামকাজ? এই চিপ বহুওৱা লোকে কিয় স্মাৰ্টফোন ব্যৱহাৰ নকৰিব? মস্তিষ্কই কেনেকৈ ফোনৰ কাম কৰিব?
এলনৰ এই নতুন প্ৰযুক্তি প্ৰকৃততে কি?
নিউৰলিংৰক কোম্পানীৰ চিইঅ’ হৈছে এলন মাস্ক৷ এই কোম্পানীয়ে ব্ৰেইন চিপ প্ৰযুক্তিৰ ওপৰত কাম কৰা আৰম্ভ কৰিছে৷ বিগত সময়সমূহত ফিকছন ছবিসমূহত দেখুওৱামতে এইবাৰ বাস্তৱত কৰিবলৈ আগবাঢ়িছে মাস্ক৷ ইতিমধ্যে এটি সফল ট্ৰান্সপ্লেণ্টো কৰিছে নিউৰলিংকে৷ এক্স প্লেটফৰ্মত নিজৰ এটা এআই জেনেৰেটেড ছবি পোষ্ট কৰিছে মাস্কে৷
ছবিৰ পৰাই বুজা যায় যে ফোনৰ দৰে মস্তিষ্কৰ পৰা নিয়ন্ত্ৰণ হ’ব সকলোবোৰ৷ এই পোষ্টত তেওঁ নিউৰলিংক ইণ্টাৰফেচৰ কথা কৈছে৷ অৰ্থাৎ আগন্তুক দিনত এই সংক্ৰান্তিয় কিছু কাম কৰাৰ পৰিকল্পনা কৰিছে মাস্কে৷ তেওঁ পোষ্টত লগতে লিখিছে, ‘ইউজাৰে এতিয়াৰ পৰা ভাৱনাৰেই স্মাৰ্টফোন নিয়ন্ত্ৰণ কৰিব পাৰিব৷ ভৱিষ্যতে আৰু ফোনৰো দৰকাৰ নপৰিব৷ আপুনি কেৱল নিউৰলিংকেৰেই সকলোবোৰ কাম আগবঢ়াই নিব পাৰিব৷’
নিউৰলিংক প্ৰযুক্তি কি?
নিউৰলিংক হ’ল এনে এক ৰবটিক প্ৰযুক্তি যি আপোনাৰ মস্তিষ্কৰ সৈতে যুক্ত হ’ব৷ যিহেতু এয়া এটা চিপ, সেয়ে ভাৱনাৰেই স্মাৰ্টফোন, টেব আৰু কম্পিউটাৰো ভাৱনাৰেই নিয়ন্ত্ৰণ কৰিব পাৰিব৷ সম্পূৰ্ণ ৱাৰলেছ উপায়েৰে ডাটা সৰবৰাহ কৰিব পাৰিব৷ ঠিক যেনেকৈ ৱাৰলেছ ইয়াৰফোনত গান শুনিব পাৰি৷ ভৱিষ্যতে এনে এক ডিভাইছেই মস্তিষ্কত ইনষ্টল কৰিব পৰা যাব৷ যিয়ে পৃথিৱীৰ পৰা মোবাইল ফোনৰ অস্তিত্ব শেষ কৰিব৷ এলন মাস্কৰ এই চিন্তাক বহুতে উপলুঙা কৰিছে যদিও মাস্কৰ দাবী অচিৰেই এয়া সঁচা হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ