অসম লাইভ ২৪ঃ অলিম্পিকৰ সপ্তম দিনা ৰণক্ষেত্ৰত অদমনীয় ৰূপত ভাৰত। আৰ্চাৰী, হকী, বেডমিণ্টন আৰু বক্সিঙত দুৰ্দান্ত প্ৰদৰ্শনেৰে অগ্ৰগতি অব্যাহত ভাৰতীয় টীমৰ। আৰ্চাৰীত পুৰুষৰ ব্যক্তিগত শাখাত অতনু দাসৰ শীৰ্ষ অষ্টমত প্ৰৱেশ। তাৰকা শ্বাটলাৰ পি ভি সিন্ধু কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। ডেনমাৰ্কৰ মিয়া ব্লিচফেল্টৰ বিৰুদ্ধে ২১-১৫, ২১-১৩ ব্যৱধানত জয়লাভ সিন্ধুৰ। ইফালে, বক্সাৰ সতীশ কুমাৰে ৯১ কিলো শাখাত শীৰ্ষ-৮ লৈ উন্নীত। পুৰুষ হকী টীমৰো জয়যাত্ৰা অব্যাহত। ৰিঅ’ অলিম্পিকৰ চেম্পিয়ন আৰ্জেণ্টিনাক পৰাস্ত ৩-১ ব্যৱধানত পৰাস্ত। আজি ৰিঙত নামিব মেৰীকম। মহিলাৰ ফ্লাইৱেট ৰাউণ্ড- ১৬ ত কলম্বিয়ান বক্সাৰ ইনগ্ৰিট ভেলেঞ্চিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰতীয় বক্সাৰগৰাকী। আজি বিয়লি ৩.৩৬ বজাত আৰম্ভ হ’ব মেচ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















