• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ওপজা দিনত কলাগুৰুক সশ্ৰদ্ধ স্মৰণ…

ওপজা দিনত কলাগুৰুক সশ্ৰদ্ধ স্মৰণ…

4 years ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

43 minutes ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

1 hour ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

2 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

19 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

21 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

22 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

22 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

23 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

23 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

1 day ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

1 day ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ওপজা দিনত কলাগুৰুক সশ্ৰদ্ধ স্মৰণ…

editor by editor
January 31, 2022
in অসম, গুৱাহাটী
0
ওপজা দিনত কলাগুৰুক সশ্ৰদ্ধ স্মৰণ…
0
SHARES
129
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ৩১ জানুৱাৰী, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ১১৩ সংখ্যক ওপজা দিন । অসমৰ স্বাভিমানৰ এজন পুৰুষ হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা৷ অসমৰ ৰাজনীতি, সমাজনীতি, সংগীত, নাটক, কবিতা সকলোতে তেওঁৰ প্ৰভাৱ পৰিষ্ফুট৷ অসমীয়াৰ সংহতিৰ পৰা অসমীয়াৰ সেউজ সপোনলৈ সকলোতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই নিজক প্ৰতিষ্ঠা কৰি থৈ যাবলৈ সক্ষম হৈছে৷ ১৯০৯ চনৰ ৩১ জানুৱাৰীত জন্মগ্ৰহণ কৰা বিষ্ণু প্ৰসাদ ৰাভাই ১৯৬৯ চনৰ ২০ জুনত শেষনিশ্বাস ত্যাগ কৰে৷ আজি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ১১৩ সংখ্যক ওপজা দিন৷ সেই উপলক্ষে কভিড প্ৰটকল মানি অনুষ্টুপীয়াকৈ তেজপুৰত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম দিৱস উদযাপন৷ অসমীয়া জাতিক সমৃদ্ধিশীল এক জাতি হিচাপে গঢ়ি তোলাৰ বাবে আপ্ৰাণ চেষ্টা কৰি গৈছিল বিষ্ণুপ্ৰসাদ ৰাভাই। দুশৰো অধিক গীত ৰচনাৰে তেখেতে ৰাভা সংগীতৰ জন্ম দিছিল। তেখেতৰ চিৰসেউজ গীতসমূহৰ ভিতৰত অন্যতম- পৰজনমৰ শুভ লগনত, লগন উকলি গল, ৰৈ ৰৈ কেতেকী আদি। তেখেতৰ গীতসমূহত মাতৃ প্ৰেম, দেশ প্ৰেমৰ লগতে প্ৰকৃতি আদি বিভিন্ন বিষয় নিগৰিত হৈ আছিল৷

জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ হ’লেও তেখেত এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল। পাছলৈ তেখেতে সেয়ে ‘ৰাভা’ উপাধি লিখিবলৈ লয়। বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতৃ গোপাল চন্দ্ৰ ৰাভা আছিল আৰক্ষী বিভাগৰ বিষয়া। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষা আৰম্ভ কৰি শেষত উচ্চ শিক্ষাৰ কাৰণে কলকাতালৈ যাত্ৰা কৰে বিষ্ণুপ্ৰসাদ ৰাভাই৷ ইফালে বিষ্ণুপ্ৰসাদ ৰাভাই জীৱনৰ প্ৰাৰম্ভিক স্তৰত ভাৰতীয় স্বাধীনতা আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল৷ ৰাভা আছিল এগৰাকী প্ৰসিদ্ধ স্বাধীনতা সেনানী ৷ কৃষকসকলৰ কাৰণে তেওঁৰ এটি প্ৰসিদ্ধ শ্ল’গান আছে, ‘হাল যাৰ মাটি তাৰ’৷  বিষ্ণুপ্ৰসাদ ৰাভাৰ সমগ্ৰ জীৱন জনসাধাৰণৰ সৰ্বতো প্ৰকাৰৰ উন্নতিৰ কাৰণে সমৰ্পিত হৈছিল ৷ তেওঁৰ কথনশৈলী আছিল জনসাধাৰণৰ হৃদয় চুই যোৱা৷ তেওঁৰ ব্যক্তব্য শুনিবলৈ সভাঘৰ ভিৰ কৰিছিল শ শ শ্ৰোতাই৷ বিষ্ণু ৰাভাই ৰাজনীতি কৰিছিল ৰাইজৰ সেৱা কৰাৰ নিমিত্তে৷ ৰাভাই পৈতৃক ভূমি বিলাই দিছিল নিঃস্বজনৰ মাজত।

কলেজত পঢ়ি থকা কালতে ৰাভাই ‘বাঁহী’ আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰাৰ লগতে আৰু ‘আৱাহন’ আলোচনীত প্ৰৱন্ধ ৰচনা কৰিছিল। ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতীত নৃত্য পৰিচালনা কৰি সমাদৰ লাভ কৰে। পাছত জ্যোতিপ্ৰসাদৰ লগ লাগি ৰাভাই ‘জয়মতী’ আৰু ‘শোণিত কুঁৱৰী’ নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰি উলিয়াইছিল। ১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰানসীত ‘তাণ্ডৱ নৃত্য’ প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰে। ইয়াতেই সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক ‘কলাগুৰু’ উপাধি প্ৰদান কৰে।

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক জন্ম দিৱস উপলক্ষে শিল্পীগৰাকীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অজস্ৰজনে। ক’ভিড পৰিস্থিতিৰ বাবে এইবাৰ অনুষ্টুপীয়াকৈ পালন কৰা হয় শিল্পীগৰাকীৰ জন্ম দিৱস। অনুষ্ঠানত কলাগুৰুৰ জেষ্ঠ্য পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা উপস্থিত থকাৰ লগতে তেজপুৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24bishnu prasad rabharabha divas
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
Next Post
অ’মিক্ৰণতকৈ ভয়াৱহ ‘হে মিত্ৰ’! কি এই আৰু কোন এই ‘হে মিত্ৰ’?

অ’মিক্ৰণতকৈ ভয়াৱহ ‘হে মিত্ৰ’! কি এই আৰু কোন এই ‘হে মিত্ৰ’?

কোভিড কালত ভাল খবৰ, পুনৰ শ্ৰেণী কোঠাত পাঠদান

কোভিড কালত ভাল খবৰ, পুনৰ শ্ৰেণী কোঠাত পাঠদান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.