পৃথিৱী যদি শেষ হৈ যায় তেন্তে মানৱজাতিৰ পৰবৰ্তী বাসস্তান কি হ’ব? এই চিন্তাই বহু বিজ্ঞানীৰ নিশাৰ টোপনি কাঢ়িছে৷ এই চিন্তাৰ দিনতো শেষত আশাৰ কিৰণ দেখিছে বিজ্ঞানীয়ে৷ এদল জ্যোতিৰ্বিজ্ঞানীয়ে এটা পৃথিৱীৰ দৰে গ্ৰহ আৱিষ্কাৰ কৰিছে৷ এই গ্ৰহই সূৰ্যৰ পৰা ৪,০০০ আলোকবৰ্ষ দূৰৈত থকা এটা নক্ষত্ৰক প্ৰদক্ষিণ কৰি আছে৷
এই গ্ৰহ পৃথিৱীৰ দৰে আৰু ভৰো পৃথিৱীৰ সমান৷ এই আৱিষ্কাৰেই পৃথিৱীত মানুহৰ ভৱিষ্যতৰ বাবে এক নতুন আশা আনিছে৷ যেতিয়া পৃথিৱীৰ একমাত্ৰ নক্ষত্ৰ সূৰ্যই তাৰ জীৱনকালৰ শেষ পৰ্যায়ত আহিব তেতিয়াই পৃথিৱী ধ্বংস হৈ পৰিব৷ ইয়াৰফলত ভৱিষ্যতে পৃথিৱীৰ মানুহে সেই গ্ৰহত গৈ বসতি স্থাপন কৰিব পাৰিব৷ বৃহস্পতিৰ ইউৰোপা, কেলিষ্টো আৰু গেনিমিড বা শনি গ্ৰহৰ ইনছেলাডাছৰ দৰে গ্ৰহসমূহ ভৱিষ্যত প্ৰজন্মৰ বাবে নিৰাপদ আশ্ৰয়স্থল হ’ব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ