অতিকে শোকাৱহ, ফুলশয্যাৰ নিশা একেলগে হাৰ্ট এটেক হৈ নিহত নৱ দম্পতি
বিয়াৰ ঘৰ, সকলোফালে উলহ-মালহৰ পৰিৱেশ। তাতে আৰু ঘৰলৈ ন-কইনা আহিছে। ঘৰত বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানো। ৰভা সজোৱাই ৰভা সজোৱাত ব্যস্ত, ৰান্ধনীয়ে ৰন্ধাৰ যোগাৰ কৰাত ব্যস্ত। মুঠতে সকলোফালে ব্যস্ততা। কিন্তু বহু দেৰিলৈ দৰা-কইনাৰ শোৱাৰ পৰা নুঠেহে নুঠে।
আগদিনা বিয়া গৈ নিশা ফুলশয্যাৰ নিশা আছিল। সেয়ে পৰিয়ালৰ লোকেও বিশেষ গুৰুত্ব দিয়া নাই দৰা কইনাৰ কোঠাৰ পৰা ওলাই নহাত। কিন্তু যিমানেই সময় বাগৰিছে পৰিয়ালৰ লোকৰ মাজত বু বু বা বা।
সেয়ে অৱশেষত পৰিয়ালৰ লোকে মাতিবলৈ ধৰে দুয়ো দৰা কইনাক। কিন্তু কোনো মাত বোল নাই দুয়োৰে। ফোনো কৰে দুয়োকে কিন্তু দৰা কইনাৰ কোনো এজনেও নধৰে ফোন। অৱশেষত মাতি মাতি কোনো উত্তৰ নোপোৱাত কোঠাৰ দৰ্জা ভাঙি ভিতৰ সোমাই হতবাক হৈ পৰে পৰিয়ালৰ লোক।
ফুলশয্যাৰ নিশাৰ ফুলেৰে সজোৱাৰ বিচনাতে দৰা -কইনাৰ সাজেৰেই দুয়োৰে নিথৰ দেহ উদ্ধাৰ কৰে পৰিয়ালৰ লোকে। নিমিষতে সকলো সুখ দুখলৈ পৰিৱৰ্তিত হয়। এই ঘটনা উত্তৰ প্ৰদেশৰ বাহৰাইচৰ।
আত্মীয়ই নৱবিবাহিত দুগৰাকীক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত নৱবিবাহিত দুগৰাকীৰ হাৰ্ট এটেকত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বিয়াৰ নিশা প্ৰায় একে সময়তে হাৰ্ট এটেকত আক্ৰান্ত হৈ দুয়ো স্বামী-স্ত্ৰীৰ মৃত্যু হয়।
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতো আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়াই স্তম্ভিত হৈ পৰিছে। হাৰ্ট এটেকত একেলগে দুজন লোকৰ আকস্মিক মৃত্যুত সকলোৱে স্তম্ভিত হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ