অসম লাইভ ২৪ঃ গুৱাহাটী নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে শিল্পী-সাহিত্যিক, গোৱালপৰীয়া লোকগীতৰ একনিষ্ঠ সাধক নিখিলেশ বৰুৱা। অসম চৰকাৰৰ শিল্পী বঁটাৰে সন্মানিত নিখিলেশ বৰুৱা যকৃত ৰোগৰ লগতে অন্যান্য ৰোগতো আক্ৰান্ত। ৭০ দশকত কলকাতাৰ কিংবদন্তি সংগীত শিল্পী হেমন্ত মুখাৰ্জী আৰু মান্না দে’ক গান গোৱাইছিল নিখিলেশ বৰুৱাই। সম্ভৱত ড০ ভূপেন হাজৰিকাৰ পাছত নিখিলেশ বৰুৱাই হ’ল অসমৰ দ্বিতীয়জন সংগীত শিল্পী যাৰ সংগীত নিৰ্দেশনাত মান্না দে’ আৰু হেমন্ত মুখাৰ্জীয়ে গান গাইছিল। চলচ্চিত্ৰ জগতৰ প্ৰতিষ্ঠিত ব্যক্তিত্ব প্ৰমথেশ বৰুৱাৰ জন্ম শতবাৰ্ষিকীত নিখিলেশ বৰুৱাই দূৰদৰ্শনৰ বাবে নিৰ্মাণ কৰা ‘জীৱন শিল্পী প্ৰমথেশ বৰুৱা’ নামৰ তথ্যচিত্ৰখনে প্ৰচাৰ ভাৰতীৰ শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ