• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্যক এই নদীয়েদি নমাই আনিবলৈ কবি আৰু নাই…সাহিত্যৰ জগত উকা কৰি গ’লগৈ কাব্যঋষি

সূৰ্যক এই নদীয়েদি নমাই আনিবলৈ কবি আৰু নাই…সাহিত্যৰ জগত উকা কৰি গ’লগৈ কাব্যঋষি

4 years ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

6 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

6 hours ago
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

6 hours ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

7 hours ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

7 hours ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

8 hours ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

8 hours ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

9 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

10 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

11 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

12 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সূৰ্যক এই নদীয়েদি নমাই আনিবলৈ কবি আৰু নাই…সাহিত্যৰ জগত উকা কৰি গ’লগৈ কাব্যঋষি

editor by editor
January 19, 2023
in অসম, গুৱাহাটী, জীৱনশৈলী, স্বাস্থ্য
0
সূৰ্যক এই নদীয়েদি নমাই আনিবলৈ কবি আৰু নাই…সাহিত্যৰ জগত উকা কৰি গ’লগৈ কাব্যঋষি
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কাব্যঋষি নীলমনি ফুকল গ’লগৈ৷ অসমীয়া ভাষাৰ এজন কবি, কলা-সমালোচক, অধ্যাপক, সাহিত্যিক আছিল নীলমণি ফুকন৷ অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায় তেওঁৰ কবিতাই। তেখেতৰ উল্লেখযোগ্য কৰ্ম হ’ল ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’, ‘কবিতা’, আৰু ‘গোলাপী জামুৰ লগ্ন’।

কবিতা’ শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে তেওঁক ১৯৮১ চনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। ১৯৯০ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল। ইয়াৰোপৰি ১৯৯১ চনত ছগনলাল জৈন বঁটা, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু সাহিত্য অকাডেমিৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমিৰ ফেল’ ২০০২ চনত প্ৰদান কৰা হৈছিল। কবি ফুুুুকনক ২০১৯ বৰ্ষৰ ১৯ আগষ্ট তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ‘ডি লীট’ উপাধি প্ৰদান কৰিছিল। নতুন দিল্লী স্থিত ভাৰতীয় জ্ঞানপীঠে ২০২১ চনত, নীলমণি ফুকনক সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অসামান্য অৱদানৰ বাবে ২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল৷ এই বঁটা লাভ কৰা তেওঁ তৃতীয় গৰাকী অসমীয়া সাহিত্যিক। ফুকনৰ জন্ম হৈছিল অসমৰ গোলাঘাট জিলাৰ দেৰগাঁৱত। তেওঁ ইতিহাস বিষয়ত ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ ১৯৫০ চনৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। ১৯৬৪ চনত তেওঁ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰিছিল। ১৯৯২ চনত অৱসৰ গ্ৰহণ কৰি সম্পূৰ্ণৰূপে সাহিত্যৰ জগতখনৰ সৈতে ওতপ্ৰোতভাৱে জৰিত হৈ পৰে।

তেওঁৰ ৰচিত উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত-
সূৰ্য হেনো নামি আহে এই নদীয়েদি, ১৯৬৩
নিৰ্জনতাৰ শব্দ, ১৯৬৫
আৰু কি নৈঃশব্দ্য্য, ১৯৬৮
জাপানী কবিতা, ১৯৭১
ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে, ১৯৭৩
কাঁইট গোলাপ আৰু কাঁইট, ১৯৭৫
গোলাপী জামুৰ লগ্ন, ১৯৭৭
কবিতা, ১৯৮০ (সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত )
গাৰ্থিয়া লৰ্কাৰ কবিতা, ১৯৮১
নৃত্যৰতা পৃথিৱী, ১৯৮৫
সাগৰতলিৰ শংখ (হীৰেন গোহাঁইৰ দ্বাৰা নিৰ্বাচিত কবিতাৰ সংগ্ৰহ), ১৯৯৪
চীনা কবিতা, ১৯৯৬
অলপ আগতে আমি কি কথা পাতি আছিলোঁ, ২০০৩
কবিতাৰ সম্পাদনা
কুৰি শতিকাৰ অসমীয়া কবিতা, ১৯৭৭
অৰণ্যৰ গান, ১৯৯৩
অন্যান্য
লোক কল্পদৃষ্টি (অসমীয়া কলা-স্থাপত্যৰ পৰিচয়), ১৯৮৭
ৰূপ বৰ্ণ বাক (কলা আৰু কলাকাৰৰ প্ৰবন্ধ), ১৯৮৮
শিল্পকলাৰ উপলব্ধি আৰু আনন্দ, ১৯৯৭
শিল্পকলাৰ দৰ্শন, ১৯৯৮
আত্মজীৱনী
পাতি সোণাৰুৰ ফুল
পাহৰিব নোৱাৰিলো যি, ২০১৮

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!
জীৱনশৈলী

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

August 28, 2026
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…
জীৱনশৈলী

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

August 28, 2026
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

August 28, 2026
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?
জীৱনশৈলী

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

August 28, 2026
Next Post
চীনকেই লাগে বিশ্বৰ সকলো ক্ৰুইড অইল! দেশত আকৌ বাঢ়িব পেট্ৰল-ডিজেলৰ দাম…

চীনকেই লাগে বিশ্বৰ সকলো ক্ৰুইড অইল! দেশত আকৌ বাঢ়িব পেট্ৰল-ডিজেলৰ দাম...

পাপ্পু নক’ব! ৰাহুল এজন বুদ্ধিমান, কৌতুহলী মানুহ…ৰাহুলৰ প্ৰশংসাৰ আঁৰত ৰাজনৰ উদ্দেশ্য কি?

পাপ্পু নক’ব! ৰাহুল এজন বুদ্ধিমান, কৌতুহলী মানুহ...ৰাহুলৰ প্ৰশংসাৰ আঁৰত ৰাজনৰ উদ্দেশ্য কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.