অসম লাইভ২৪ঃ ভাৰতলৈ ওভতাই অনা হ’ব নীৰৱ মোদীক। নীৰৱ মোদীক দেশলৈ ওভতাই অনাৰ চেষ্টা কৰিছে কেন্দ্ৰীয় চৰকাৰে। কিন্তু দেশলৈ উভতি অহাৰ খবৰ শুনিয়েই হতাশাত ভাঙি পৰিছে নীৰৱ মোদী। ভাৰতলৈ ওভতাৰ খৱৰ শুনিয়েই চিকিৎসালয়ত ভৰ্তি হৈছে মোদী। হাস্পতালত ভৰ্তি হৈ থকা নীৰৱ মোদীক নিৰীক্ষণ কৰি থকা চিকিৎসকে প্রকাশ কৰা অনুসৰি নীৱৰ মোদীৰ মানসিক সন্তুলন ঘটিছে। ভাৰতলৈ উভতি অহাৰ খবৰ পোৱা মাত্ৰকেই নীৰৱ মোদীয়ে বাৰে বাৰে কৈছে, ‘মোক হত্যাৰ পৰিকল্পনা কৰিছে। তালৈ গ’লেই মোক হত্যা কৰিব নতুবা আত্মহত্যা কৰিবলৈ বাধ্য কৰাব।’
পঞ্জাৱ নেচনেল বেংক কেলেংকাৰীৰ মুখ্য অভিযুক্ত নীৰৱ মোদী বিগত কেইবাবছৰ ধৰি লণ্ডন কাৰাগাৰত আৱদ্ধ হৈ আছে। ১৩ হাজাৰ কোটিটকীয়া পিএনবি কেলেংকাৰীৰ মুখ্য অভিযুক্ত ৫১ বছৰীয়া নীৰৱ মোদীক দেশৰ কেন্দ্ৰীয় কাৰাগাৰালৈ অচিৰেই লৈ অনাৰ পৰিকল্পনা চলিছে। ইংলেণ্ডৰ অন্যতম ডাঙৰ কাৰাগাৰ ওৱাণ্ডচাউৰ্থত ৰখা হৈছিল মোদীক।
শেহতীয়াভাৱে লণ্ডন হাইকৰ্টে প্ৰকাশ কৰা অনুসৰি মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰৰ ১২ নং বেৰেক হ’ব নীৰৱ মোদীৰ নতুন ঠিকনা। কাৰাগাৰ কৰ্তৃপক্ষই নীৰৱ মোদীক ৰাখিবলগীয়া বেৰেক নং ১২-ৰ পৰা আত্মহত্যা কৰিব পৰা সকলো সামগ্ৰী আঁতৰাই পেলাইছে। কিন্তু চিকিৎসালয়ত ভৰ্তি হোৱা নীৰৱ মোদীৰ মনৰ পৰা শংকা আঁতৰা নাই। অভিযুক্ত নীৰৱ মোদীৰ মতে, যিয়েই নকৰক কিয় তেওঁৰ মৃত্যু কিন্তু ভাৰতৰ জে’লতেই হ’ব। ভাৰতলৈ ওভতাৰ কথা শুনিয়েই মানসিক সন্তুলন ঘটা নীৰৱক দুবাৰকৈ চিকিৎসালয়তো ভৰ্তি কৰোৱা হৈছে। হতাশাত ভাঙি পৰা মোদীয়ে আত্মহত্যাৰ প্ৰচেষ্টা চলোৱাৰো আশংকা ব্যক্ত কৰিছে চিকিৎসকে।
উল্লেখ্য যে নীৰৱ মোদীৰ শাৰীৰিক অৱস্থা যেনেকুৱাই নহওক কিয় তেওঁক ভাৰতলৈ অনা হ’বই। প্ৰয়োজন হ’লে নীৰৱ মোদীক নিৰীক্ষণৰ বাবে কাৰাগাৰত মানসিক ৰোগৰ চিকিৎসকক নিযু্ক্তি দিয়া হ’ব। ভাৰতলৈ অনাৰ পিছত সপ্তাহত এবাৰকৈ পৰিয়ালৰ লোকক সাক্ষাতৰ ব্যৱস্থাও কৰিব কাৰাগাৰ কৰ্তৃপক্ষই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ