বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সদনৰ মজিয়াত দাখিল কৰে বাজেট-২০২২৷ পূৰ্বৰ দৰে এইবাৰে ডিজিটেল বাজেট দাখিল কৰে বিত্তমন্ত্ৰীগৰাকীয়ে৷ দেশৰ অৰ্থনৈতিক অৱস্থাৰ পুনৰুদ্ধাৰৰ প্ৰচেষ্টা কৰা হৈছে এইবৰ্ষৰ বাজেটত৷ বাজেট-২০২২ত দেশৰ আগন্তুক ২৫ বৰ্ষৰ বাৰে অৰ্থনৈতিক ব্লুপ্ৰিণ্ট ৰচনা কৰিছে নিৰ্মলা সীতাৰমণে৷ নিৱনুৱাৰ বাবে শীঘ্ৰেই ৬০ লাখ নতুন নিযুক্তি প্ৰৱৰ্তন কৰিব দেশে৷ চৰকাৰৰ হাতত বৰ্তমানেও আছে ৩০ লাখ অতিৰিক্ত নিযুক্তি প্ৰদানৰ ক্ষমতা৷
আগন্তুক সময়ত দেশত প্ৰযুক্তি খণ্ড আৰু ব্যক্তিগত খণ্ডত অধিক গুৰুত্ব প্ৰদান কৰা লগতে আধুনিক নিৰ্মাণকাৰ্যত মনোনিবেশ কৰিব দেশে৷ স্বাস্থ্যখণ্ডত আন্তঃগাঁথনি উন্নত কৰা লক্ষ্য কৰা হৈছে এইবৰ্ষৰ বাজেটত৷ কোভিড মহামাৰীয়ে বিধস্ত কৰা দেশৰ স্বাস্থ্যখণ্ড তথা অৰ্থনৈতিক অৱস্থাৰ উন্নত কৰাৰ লক্ষ্য কৰা হৈছে বাজেট-২০২২ত৷ কৃষকৰ বাবে জিডিটেল সেৱাৰ ব্যৱস্থা কৰাৰ উপৰি দেশত দৰিদ্ৰতাৰ অৱসান ঘটোৱাৰ পৰিকল্পনাৰে ক্ষীপ্ৰতাৰে কাৰ্য সম্পাদন কৰাৰ লক্ষ্য কৰিছে চৰকাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ