অসম লাইভ ২৪ঃ ২০২২ বৰ্ষটোৰ আৰাম্ভনীতে সমগ্ৰ দেশ জোকাৰি যোৱা প্ৰধান ঘটনাসমূহৰ ভিতৰত অন্যতম ঘটনা আছিল ছাইবাৰ ক্ৰাইম মূলক ঘটনা বুল্লী বাই এপৰ বিতৰ্ক। ইতিমধ্যে হয়টো প্ৰায় সংখ্যকে জানিছেই যে বুল্লী বাই এই এপ কি আছিল আৰু এই এপৰ জড়িৰতে কি কৰিব বিচৰা হৈছিল।
লীনাক্স কোম্পানীৰ স্বতাধিকাৰে গুগ’ল প্লে’ষ্টৰত Github নামেৰে এক বিশেষ ৰাজহুৱা প্লেটফৰ্ম সৃষ্টি কৰি ৰাখিছিল য’ত বিশ্বৰ বিভিন্নজনে নিজে সৃষ্টি কৰা অৰ্ধনিৰ্মিত এপ বা সম্পূৰ্ণ নিৰ্মিত এপসমূহ এই Githubত মুকলিকৈ আপলোড দিয়াৰ সুবিধা প্ৰদান কৰা আছিল।
তদুপৰি যদি কোনোবাই অৰ্ধনিমিৰ্ত এপকো যদি এই Githubত আপলোড কৰি ৰাখে তেন্তে এপ নিৰ্মাতাৰ অনুমতি সাপেক্ষে অন্য কোনো এপ প্ৰস্তুত কৰোতাই এই Githubৰ পৰা উক্ত এপ সম্পূৰ্ণকৈ প্ৰস্তুত কৰিব পাৰাৰো সুবিধা প্ৰদান কৰা আছে । কিন্তু এইয়া আছিল গুগ’ল প্লে’ষ্টৰত উপলব্ধ Github এপৰ কিছু চমু বাখ্যা।
অধিক পঢ়কঃ অকল্পনীয়! কল্পনাতীত! ‘নাছা’ৰ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে ‘Time Machine’
এইবাৰ আহিছো বুল্লী বাই এপলৈ। এই এপ প্ৰস্তুত কৰোতা কেইজনে সম্পূৰ্ণ নিৰ্মাণ কৰি মুকুলিকৈ এৰি দিছিল Github নামৰ সেই বিশেষ এপটোত। আৰু গুগ’ল প্লে’ষ্টৰত উপলব্ধ এই Github এপৰ জড়িৰতে এপ প্ৰস্তুতকাৰীসকলে ভাৰতীয় মুছলমান মহিলাসকলৰ ছবি বিকৃত কৰি যৌনতাৰ বেহা পাতিছিল।
ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰা ভাৰতীয় মুছলমান মহিলা সকলৰ ফটো ছ’চিয়েল মিডিয়াৰ পৰা চোৰ কৰি এই এপত উক্ত ফটো বিকৃত কৰি দাম-দৰ নিৰ্ধাৰণ কৰি ফটো যোগান ধৰিছিল বুল্লী বাই এপ ব্যৱহাৰকাৰীসকলক। কিন্তু ডিচেম্বৰ মাহতে ইন্টাৰনেটৰ বজাৰলৈ ওলাই অহা এই এপ সম্পৰ্কে প্ৰথমতে ভাৰতীয় এগৰাকী মুছলমান মহিলাই টুইটাৰ যোগে সদৰি কৰিছিল ভাৰতীয় মুছলমান মহিলাসকলক এই এপৰ পৰা সাৱধানে থাকিবৰ বাবে।
অধিক পঢ়কঃ ইন্টাৰনেটৰ বজাৰলৈ আকৌ আহিল জেকুলিন ফাৰ্ণাণ্ডেজৰ আন এক চূৰান্ত অন্তৰংগ মুহূৰ্তৰ ছবি
তাৰ সমান্তৰালভাৱে এই এপে সমগ্ৰ দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছিল। আৰু এই এপৰ বিৰুদ্ধে বিতৰ্ক আৰু প্ৰতিবাদৰ পিছতেই মহাৰাষ্ট্ৰ আৰু দিল্লীত গোচৰ ৰুজু কৰিছিল একাংশ মহিলা দল সংগঠনৰ লগতে বহু মুছলমান মহিলাই। আৰু এই গোচৰৰ পিছতেই দিল্লী আৰক্ষীৰ বিশেষ শাখাই তদন্ত আৰাম্ভ কৰিছিল সমগ্ৰ দেশব্যাপি। আৰু এই তদন্তৰ পিছতে এই বুল্লী বাই এপ প্ৰস্তুত কৰা কেইবাজনো লোকক দেশৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰে।
ইয়াৰ লগে লগে এই বুল্লী বাই এপ নিৰ্মাণ কৰা মাষ্টাৰ মাইণ্ড নীৰজ বিষ্ণইক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অসমৰ যোৰহাট জিলাৰ পৰা। কিন্তু দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পিছত এতিয়ালৈ বহুবাৰ আত্মহত্যাৰ চেষ্টা চলোৱাৰ লগতে আত্মহত্যাৰ ভাবুকি দিল্লী আৰক্ষীক প্ৰদান কৰে অসমৰ নাম বদনাম কৰা নীৰজে। কিন্তু দিল্লী আৰক্ষীয়ে স্পষ্ট কৰি দিয়ে যে ‘আমাক আত্মহত্যাৰ ভাবুকি দিছে যদিও আমি যথোপযুক্ত চোৱাচিতা কৰি আছো নীৰজ বিষ্ণইক’।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ