বাংলাদেশত বৃদ্ধি পাইছে সংখ্যালঘূ নিৰ্যাতনৰ ঘটনা৷ চিন্তা বাঢ়িছে সীমান্তবৰ্তী অসম, ত্ৰিপুৰা, পশ্চিমবংগৰ৷ উদ্বেগ বাঢ়িছে অনুপ্ৰৱেশক লৈয়ো৷ ভাৰত-বাংলাদেশৰ উত্তেজনাৰ মাজতেই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব বিশ্ব শৰ্মাই৷ স্পষ্টকৈ জনাইছে যে, NRCৰ বাবে আবেদন নকৰিলে এইবাৰ আৰু আধাৰ কাৰ্য নাপাব৷
কি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
বুধবাৰে বৈঠক অনুষ্ঠিত কৰি এই সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী শৰ্মাই৷ তাতেই মুখ্যমন্ত্ৰীয়ে কৈছে, ‘বিগত দুমাহ অসম, ত্ৰিপুৰাৰ আৰক্ষী আৰু BSFয়ে বহু অনুপ্ৰৱেশকাৰীক আটক কৰিছে৷ বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ বিষয়টো আমাৰ বাবে উদ্বেগৰ বিষয়৷ সেয়ে আমি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবই লাগিব৷’
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত যে এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আধাৰ আবেদনকাৰীসকলক চিনাক্ত কৰাৰ বাবে নোডাল সংস্থা গঠন কৰা হ’ব৷ প্ৰতিখন জিলাত এজন অতিৰিক্ত জিলা কমিছনাৰ নিয়োগ কৰা হ’ব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘প্ৰাথমিক আবেদনৰ পাছত ইউনিক আইডেণ্টিফিকেছন অথৰিটি অফ ইণ্ডিয়াই নথি পৰীক্ষা কৰি ৰাজ্য চৰকাৰৰ ওচৰলৈ পঠিয়াব৷ স্থানীয় চাৰ্কোল অফিচাৰে প্ৰথমে পৰীক্ষা কৰি আবেদনকাৰী আৰু তেওঁ পিতৃ মাতৃ বা পত্নীৰ নাম এন আৰ চিৰ অন্তৰ্ভুক্ত হয়নে বা এন আৰ চিৰ বাবে আবেদন কৰিছিলনে সেয়া পৰীক্ষা কৰিব৷’ যদি এন আৰ চিৰ বাবে কৰোবাত আবেদন নকৰে তেন্তে আধাৰৰ বাবে অনুৰোধ অবিলম্বে প্ৰত্যাখাত হ’ব আৰু কেন্দ্ৰই এক প্ৰতিবেদন জমা কৰিব লাগিব৷
মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘যদি দেখা যায় যে এন আৰ চিৰ বাবে আবেদন কৰা থাকিলে ছুপ্ৰিম কৰ্টৰ নিৰ্দেশ অনুসৰি চৰজমিন পৰীক্ষাৰ বাবে যাব৷ সংশ্লিষ্ট অধিকাৰিক সম্পূৰ্ণৰূপে নিশ্চিত হোৱাৰ পাছত আধাৰ অনুমোদন কৰা হ’ব৷’ নতুন নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে বাবে প্ৰযোজ্য নহ’ব৷ মুখ্যমন্ত্ৰীৰ ঘোষণা, ‘এইধৰণে আমি আমাৰ আধাৰ প্ৰদানৰ ব্যৱস্থাক শক্তিশালী কৰিবৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছো৷ যাতে কোনো সন্দেহজনক ব্যক্তিয়ে পৰিচয়পত্ৰ পাব নোৱাৰে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ