অসম লাইভ২৪ঃ এবছৰ-দুবছৰ নহয়৷ প্ৰায় ৩০ বছৰ ধৰি এই গাঁৱত পুৰুষৰ প্ৰৱেশ নিষেধ৷ ইমানদিন ধৰি কোনো প্ৰাপ্তবয়স্ক পুৰুষেই এই গাৱঁৰ মুখ দেখা নাই৷ এই গাঁৱত কোনো পুৰুষকেই প্ৰৱেশ কৰিবলৈ দিয়া নহয়৷ গাওঁখনত বাস কৰে কেৱল মহিলাইহে৷ অথচ গাওঁখনৰ মহিলাসকল অন্তঃসত্ত্বা হয়৷ বৰ্তমান বিজ্ঞানে অনা জোৱাৰে চিংগল মাদাৰ আৰু চিংগল ফাদাৰ হোৱাৰ পথ খুলি দিছে তাৰমাজতেই কিন্তু এটা কথা ঠিক যে ৩০ বছৰ পূৰ্বে বিজ্ঞান পৃথিৱীৰ গলিয়ে গলিয়ে প্ৰৱেশ কৰিব পৰা নাছিল৷ বৰ্তমানো গ্ৰাম্যঞ্চলত বিজ্ঞানে বৰ বিশেষ প্ৰভাৱ পেলাব পৰা নাই৷
এই গাঁৱখনত কিন্তু জৈৱিকভাৱেই সন্তান জন্ম হয়৷ প্ৰান্তীয় এই গাওঁখন আফ্ৰিকাৰ দক্ষিণ দিশত৷ এই এলেকাতেই বাস কৰে কেইবাটাও উপজাতিৰ মানুহে৷ চহৰৰ প্ৰভাৱৰ পৰা বহু দূৰৈৰ এই গাওঁখনত মহিলাসকলে কিয় পুৰুষৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে? ইয়াৰ আঁৰত আছে এক ধুসৰ অতীত৷
কৃষ্ণাংগ মানুহৰ দেশ আফ্ৰিকাত অতীতত বহুবাৰ শ্বেতাংগসকলে নিৰ্মমভাৱে অত্যাচাৰ চলাই আহিছে৷ এইসমূহৰ ভিতৰত আছে দাসপ্ৰথাও৷ এই গাওঁখনো এইসমূহৰ পৰা সাৰি যাব পৰা নাছিল৷ ১৯৯০ চনত এই গাওঁখন গঢ়ি তুলিছিল ১৫ গৰাকী মহিলাই৷ ব্ৰিটিছ সেনাৰ হাতত ধৰ্ষিতা, নিৰ্যাতিতা এই ১৫ মহিলাই নতুন এক জীৱনৰ সন্ধান কৰিয়েই নিজাকৈ এই গাওঁ প্ৰতিষ্ঠা কৰিছিল৷ পুৰুষৰ প্ৰতি গঢ়ি উঠা তীব্ৰ ঘৃণাৰ বাবেই কোনো পুৰুষৰেই কাষ চাপিব খোজা নাছিল মহিলা কেইগৰাকী৷ কোনো পুৰুষৰ সৈতেই সংগমৰ কথা ভাৱিবলৈকে বাদ দিছিল এই মহিলাকেইগৰাকীয়ে৷ মহিলােকইগৰাকীয়ে মহিলা সৱলীকৰণৰ বাবে তেতিয়াই আৰম্ভ কৰিছিল বিশেষ কাৰ্যকলাপো৷ নিৰ্যাতিতা মহিলাসকলক এই গাওঁত আশ্ৰয় দিয়াৰ ব্যৱস্থা কৰা হৈছিল৷ বৰ্তমান প্ৰায় ২৫০ গৰাকীতকৈয়ো অধিক মহিলাৰ বাসস্তান এই উমোজা গাওঁ৷
ইয়াৰ মাজতেই আন এক কথা হৈছে যে পুৰুষৰ প্ৰৱেশ নিষিদ্ধ এই গাঁৱত কেনেকৈ মহিলাসকল গৰ্ভৱতী হয়? প্ৰকৃততে এই গাঁৱৰ মহিলাসকলে চুবুৰীয়া গাওঁৰ পৰা পুৰুষ সংগমৰ বাবে বাচি লয়৷ নিজৰ পছন্দৰ সংগীৰ সৈতে সম্পৰ্ক স্থাপন কৰি গৰ্ভধাৰণ কৰে এইসকল মহিলাই৷ অৱশ্যে পিতৃ পৰিচয় কাহানিও প্ৰকাশ নকৰে মহিলাসকলে৷ তাৰ পৰিবৰ্তে সন্তানটোৰ সমস্ত দায়িত্ব মহিলাসকলে নিজেই গ্ৰহণ কৰে৷ সন্তানৰ অধিকাৰো কেৱল মাত্ৰ মাতৃগৰাকীৰেই৷ এনেদৰেই নিঃশব্দেই এই বৃহৎ আন্দোলন জাৰি ৰাখিছে অত্যাধুনিক পৃথিৱীৰ পৰা বহুযোজন দূৰৈৰ এইসকল প্ৰান্তীয় মহিলাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ