২৮ দিনীয়া নহয়, মোবাইল ৰিচাৰ্জ হোৱা উচিত ৩০ দিনৰ৷ আম আদমি পাৰ্টীৰ সাংসদ ৰাঘৱ চাড্ডাই সংসদত এই দাবী কৰিছিল৷ সূত্ৰৰ খবৰ অনুসৰি আপ সাসংদৰ দাবীমতে কেন্দ্ৰীয় চৰকাৰেও টেলিকম অপাৰেটৰ সকলক ২৮ দিনৰ ৰিচাৰ্জ প্লেন বাতিলৰ নিৰ্দেশ দিয়াৰ সম্ভাৱনা আছে৷ তাৰ সলনি ৩০ দিনৰ অৰ্থাৎ এমাহৰ ভেলিডিটিৰ ৰিচাৰ্জ প্লেন আনিব পাৰে৷
চলিত সপ্তাহৰ আৰম্ভণিতে ৰাজ্যসভাত বক্তব্য ৰাখিবলৈ গৈ আপ সাংসদ ৰাঘৱ চাড্ডাই সাধাৰণ মানুহৰ এই ইছ্যুৰ কথা তুলি ধৰে৷ তেওঁ কয় যে টেলিকম কোম্পানীসমূহে ৩০ দিনৰ সলনি ২৮ দিনৰ ৰিচাৰ্জ পেক দি সাধাৰণ মানুহক বছৰি ১৩ বাৰ ৰিচাৰ্জ কৰায়৷ অৰ্থাৎ অতিৰিক্ত এমাহৰ ৰিচাৰ্জ কৰিব পাৰে৷
তেওঁ আৰু কয়, ‘আপোনাৰ পৰা ২ জি বিৰ বাবেও টকা লোৱা হয়৷ আপুনি ১.৫ জিবি খৰচ কৰিলে বাকী ০.৫ জিবি দিনটো শেষ হ’লেও উধাও হৈ যায়৷ কোনো ৰিফাণ্ড পোৱা নাযায়৷ কোনো ৰোল অভাৱ নহয়…৷ যি ডাটাৰ বাবে আমি টকা দিও সেয়া কিয় থাকি গলে আমাক দিয়া নহয়? অব্যৱহৃত ডাটা পৰবৰ্তী চাইকেলত কেৰি ফৰৱাৰ্ড হোৱা উচিত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















