অসম লাইভ২৪ঃ ঘোষিত হ’ল ফিজিঅ’লজি আৰু চিকিৎসা বিজ্ঞানৰ নবেল পুৰস্কাৰ বিজয়ীসকলৰ নাম৷ কভিড ভেকছিন তৈয়াৰ কৰাত আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান লাভ কৰিছে দুই বিজ্ঞানী কেটেলিনা কাৰিকো আৰু ড্ৰু ওইছমেনে৷ সোমবাৰে ঘোষণা কৰিছে এই পুৰস্কাৰ৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি মানৱ দেহৰ mRNAক লৈ গৱেষণা চলাই আছিল কেটেলিন আৰু ওইছমেনে৷
কেনেকৈ mRNA শৰীৰৰ ৰোগ প্ৰতিৰোধৰ সৈতে সম্পৰ্কিত তাকেই গৱেষণাত প্ৰকাশ কৰিছে দুইগৰাকী বিজ্ঞানীয়ে৷ কভিড ভেকছিন তৈয়াৰতো এওঁলোকৰ উল্লেখনীয় অৱদান আছে৷ হাঙ্গেৰীৰ কেটেলিন কাৰিকো এজন জৈৱ ৰাসায়নবিদ৷ ১৯৯০ চনত তেওঁ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পেনছিলভেনিয়া বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক আছিল তেওঁ৷ অধ্যাপক হিচাপে কাম কৰি থকাৰ ওপৰিও mRNAক লৈয়ো গৱেষণা চলাই আছে কেটলিনাই৷
নবেল কমিটিয়ে জনোৱা অনুসৰি mRNAক লৈ তেওঁৰ দৃষ্টিভংগী একেবাৰেই বেলেগ৷ ফলত গৱেষণা চলাই থাকোতেও তেওঁ বিভিন্ন প্ৰতিকূলতাৰ মুখতো পৰিছিল৷ নিজৰ গৱেষণাত লব্ধ ফলাফল তেওঁ প্ৰকাশো কৰিলে৷ পেনছিলভেনিয়া বিশ্ববিদ্যালয়ত কেটলিনাৰ সহকৰ্মী আছিল ওইছমেন৷ ডেনড্ৰাইটিক কোষক লৈয়ো তেওঁৰ বিশেষ কৌতুহল আছিল৷ মানৱ দেহৰ ইমিউন চিষ্টেম বা ৰোগ প্ৰতিৰোধ ব্যৱস্থাৰ ক্ষেত্ৰত এই কোষসমূহে সকলোতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ তেওঁ তৈয়াৰ কৰা ভেকচিনে কোষৰ ৰোগৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ