উৰুকাৰ দিনা মাছ খাবলৈ সাজুনে! কিন্তু বেপাৰীক নিদিব এটকাও বেছিকৈ, এতিয়াই পঢ়ক নিৰ্ধাৰিত দাম
কাইলৈ উৰুকা। অসমীয়া লোকৰ আজিৰে পৰা উগুল থুগুল মন। কাইলৈ ১৩ জানুৱাৰী তাৰিখে মাঘ বিহুৰ উৰুকা। সকলোফালে সাজু হৈছে মাছ-মাংসৰ বেপাৰী।
লগে ভাগে এসাজ খাবলৈ প্ৰতিঘৰ অসমীয়াও সাজু হৈছে। বজাৰৰ পৰা ভালৰো ভাল মাছটো নিবলৈ কোন বজাৰত যাব তাক লৈয়ো চিন্তা চৰ্চা চলিছে। পাছে এনেহেন সময়তে অসম চৰকাৰে আনিছে কিছু নিয়ম।
বজাৰৰ মাছৰ বেপাৰীয়ে অসাধুতাৰে লব নোৱাৰিব মাছৰ অত্যাধিক দাম। সেয়ে সকলো প্ৰকাৰৰ মাছৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰি দিছে মূল্য।
নিৰ্ধাৰিত দামতকৈ এটকাও বেছিকৈ ল’লে জৰিমনা বিহিব প্ৰশাসনে। এই দামতহে ব্যৱসায়ীয়ে বিক্ৰী কৰিব পাৰিব মাছ।
মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা হ’ল মাছৰ মূল্যৰ বিশেষ তালিকা-
১ কিলোৰ তলৰ ৰৌ, বাহু, মিৰিকা, মালী প্ৰতি কিলোত ১৯০ টকা
৩ কেজি ওপৰৰ ৰৌ, বাহু, মিৰিকা, মালী প্ৰতি কিলোত ৪৪০ টকা
১ কিলোৰ তলৰ গ্ৰাছ কাৰ্প, ছিলভাৰ কাৰ্প, কমন কাৰ্প প্ৰতি কিলোত ১৪০ টকা
৩ কিলোৰ ওপৰৰ গ্ৰাছ কাৰ্প, ছিলভাৰ কাৰ্প, কমন কাৰ্প প্ৰতি কিলোত ৩৪০ টকা
১ কিলোৰ তলৰ আৰি, বৰালি, চিতল ২৪০ টকা
৫ কিলোৰ ওপৰৰ আৰি, বৰালি, চিতল ৭৯০ টকা
১ কেজিৰ তলৰ শাল, শ’ল মাছ বিক্ৰী কৰিব পাৰিব ৩৩০ টকাত
১ কেজিৰ ওপৰৰ শাল, শ’ল মাছ বিক্ৰী কৰিব পাৰিব ৪৩০ টকাত
মাছৰ বজাৰত পাইকাৰী দামৰ মূল্যতকৈ ৩০ৰ পৰা ৪০ টকাৰ ভিতৰতহে অধিক মূল্যত বিক্ৰী কৰিব পাৰিব খুচুৰা ব্যৱসায়ীয়ে
নগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই বিশেষ বিহুৰ বজাৰৰ মাছৰ মূল্যৰ তালিকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ