অসম লাইভ২৪ঃ আপুনি কল্পনা কৰি চাওকচোন, আপুনি উবেৰেৰে যাত্ৰা কৰিছে আৰু হঠাৎ দেখিছে আপোনাৰ বিল আহিছে কেইবা কোটি টকা। কল্পনা কৰিলেই অবাক অবাক লগা ঘটনাই সংঘটিত হৈছে আমাৰ দেশত। শুকুৰাবে পুৱা এজন যুৱকে উবেৰ এপত এখন অটো বুক কৰি বিপদত পৰিছে। বুক কৰোতে ঠিকেই আছিল যদিও গন্তব্যস্থান পোৱাৰ পাছত যুৱকজনৰ বিল আহে ৭.৬৬ কোটি টকা।
এজন নিয়মিত উবেৰ গ্ৰাহক দীপৰ টেঙ্গুৰিয়াৰ সৈতে সংঘটিত হৈছে এই কাণ্ড। উবেৰ ইণ্ডিয়া এপ ব্যৱহাৰ কৰি তেওঁ ৬২টকাত এখন অটো বুক কৰিছিল। দীপকে তেওঁৰ গন্তব্যস্থানত উপস্থিত হোৱাৰ পাছতেই তেওঁৰ মোবাইল আৰু অটোচালকৰ মোবাইলত বিল দেখুৱাই ৭.৬৬ কোটি। দীপকে এই অপ্ৰত্যাশিত ঘটনাৰ মুখামুখি হোৱাৰ পাছতেই তেওঁৰ বন্ধু আশীষে মিশ্ৰই এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে বিশেষ ভিডিঅ’। এই ভাইৰেল ভিডিঅ’ত দুজনে উবেৰৰ বিলক লৈ আলোচনা কৰা দেখা গৈছে। মাইক্ৰ ব্লগিং ছাইট এক্সচ শ্বেয়াৰ কৰা ভিডিঅ’ অনুসৰি দীপকক উবেৰৰ বিলৰ সঠিন পৰিমাণো উল্লেখ কৰা দেখা গৈছে।
তেওঁৰ বন্ধু আশীষে তেতিয়া দীপকক সুধিছে, ‘তোমাৰ বিলৰ মূল্য কিমান আহিছে দেখুওৱাচোন। দীপকে দেখুৱাই, ৭,৬৬, ৮৩, ৭৬২ টকা। উবেৰ এপত এমাউণ্টত দেখুৱাইছে যে, দীপকৰ ট্ৰিপৰ ভাড়া ১,৬৭, ৭৪,৬৪৭টকা আৰু অপেক্ষাৰ বাবে চাৰ্জ কৰা হৈছে ৫,৯৯, ০৯১৮৯টকা। ইয়াৰোপৰি বিল তৈয়াৰৰ খৰচ হিচাপে ৭৫টকা কাটি দিয়া হৈছে। প’ষ্টটো ভাইৰেল হোৱাৰ পাছতেই উবেৰ ইণ্ডিয়া কাষ্টমান চাপোৰ্টৰ অফিচিয়েল এক্স হেণ্ডেলত তেওঁলোকে ক্ষমাও বিচাৰিছে। উবেৰ ইণ্ডিয়াই পোষ্টত লিখিছে, ‘আপোনাৰ কষ্টক কথা শুনি আমি দুঃখিত। আমি বিষয়টো পৰ্যালোচনা কৰিম।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ