সংখ্যাতত্ত্বত কৈছো কোনো ব্যক্তিৰ জন্মতাৰিখ জনা থাকিলে, সেই ব্যক্তি সম্পৰ্কে বহু গোপন কথা কৈ দিব পাৰি৷ জন্মতাৰিখ জনা থাকিলে সংখ্যাতত্ত্বৰ বিচাৰ কৰিব আপোনাৰ আগন্তুক দিন কেনে যাব সেয়া জানিব পাৰি৷ জ্যোতিষশাস্ত্ৰ অনুসৰি চলিত মাহ অত্যন্ত গুৰুত্বপূৰ্ণ৷ আগন্তুক কেইটামান দিনত সলনি হ’ব কেইবাটাও গ্ৰহৰ স্থান৷ সকলোৰে জীৱনত কমবেছি ইয়াৰ প্রভাৱ পৰিব৷ আৰম্ভ হৈছে নতুন সপ্তাহ৷ জন্মতাৰিখ মিলাই জানি থওক কেনে হ’ব আপোনাৰ আগন্তুক ৭ দিন?
মূল্যাংক ১( জন্মতাৰিখ ১, ১০, ১৯, ২৮)
এই সপ্তাহত আৰু বেছি সচেতনতাৰ সৈতে আগুৱাই যাব৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ কৰ্মক্ষেত্ৰত বুদ্ধি কৰি আগুৱাব৷ কোনো বিষয়ত অহংকাৰ নকৰিব৷ আৰ্থিক অগ্ৰগতি স্থিতিশীল থাকিব৷ পৰিকল্পনা কৰি খৰচ কৰক অন্যথা সঞ্চয়ত অসুবিধা হব৷ আবেগ নিয়ন্ত্ৰণ কৰক৷
মূল্যাংক ২( জন্মতাৰিখ ২, ১১, ২০, ২৯)
মানসিক শান্তি পাব৷ আপোনাৰ আবেগে আপোনাক সিদ্ধান্ত লোৱাত সহায় কৰিব৷ পেছাগত ক্ষেত্ৰত উন্নতি বজায় ৰাখক৷ আৰ্থিক উন্নতিৰ ক্ষেত্ৰত খুব এটা পৰিবৰ্তন নহয়৷ লোকচানৰো বিশেষ সম্ভাৱনা নাই৷ কাৰো প্ৰতি বেছি সংবেদনশীল হৈ নিজৰ দুৰ্বলতা প্ৰকাশ নকৰিব৷ বিপদ হ’ব পাৰে৷
মূল্যাংক ৩( জন্মতাৰিখ ৩, ১২, ২১, ৩০)
এই সপ্তাহত আপোনাৰ কথাই অন্যসকলক প্ৰভাৱিত কৰিব৷ আপোনাৰ মতামতে গুৰুত্ব পাব৷ সৃজনশীল কোনো কাম আৰম্ভ কৰিব খুজিলে এয়াই সময়৷ নিজকে প্ৰমাণ কৰিবলৈ ধাৰাবাহিকতা বজায় ৰাখক৷ আৰ্থিক ক্ষেত্ৰত উন্নতিৰ সুযোগ আহিব পাৰে৷ বহু দিনৰ ৰৈ থকা টকা পাব পাৰে৷
মূল্যাংক ৪(জন্মতাৰিখ ৪, ১৩, ২২, ৩১)
আগন্তুক ৭ দিন নিজকে আৰু উন্নত কৰাৰ দিশত মনত দিব লাগিব৷ কৰ্মক্ষেত্ৰত প্ৰতিৰোধৰ সন্মুখীন হব পাৰে৷ অগ্ৰগতি হলেও তাৰ গতি অতি ধীৰ হব৷ অধ্যবসায়ৰ ফল পাব৷ আৰ্থিক ক্ষেত্ৰত কোনো ৰিস্ক নল’ব৷ নতুন বিনিয়োগ এই সপ্তাহত নকৰাই ভাল৷ ধৈৰ্য্য ৰাখক৷ বিপদত পৰিলে মূৰ ঠাণ্ডা ৰাখি তাৰ সৈতে মোকাবিলা কৰক৷
মূল্যাংক ৫ (জন্মতাৰিখ ৫,১৪, ২৩)
এই সপ্তাহত মূল্যাংক ৫ৰ ব্যক্তিসকলৰ বাবে অত্যন্ত শুভ৷ খুবেই দ্ৰুত পৰিবৰ্তন ঘটিব আপোনাৰ চৌপাশে৷ সেয়ে ইয়াৰ সৈতে খাপ খাই চলিবলৈ নিজকে প্ৰস্তুত ৰাখক৷ অপ্ৰত্যাশিত কোনো ভাল খবৰ বা সুযোগ অহাৰ সম্ভাৱনা আছে৷ কৰ্মক্ষেত্ৰত আপোনাৰই সাফল্য আনিব৷ আৰ্থিক ক্ষেত্ৰত সৰুসুৰা উঠানমা ঘটিব পাৰে৷ দীৰ্ঘম্যাদি কোনো ক্ষতি নহয়৷ ভৱিষ্যতৰ পৰিবৰ্তনৰ বাবে নিজকে প্ৰস্তুত ৰাখক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















