অসম লাইভ২৪ঃ ১৪ অক্টোবৰত খেলত নামিব ভাৰত আৰু পাকিস্তান। আই চি চি বিশ্বকাপৰ অন্যতম গুৰুত্বপূৰ্ণ মেচ আয়োজন কৰাৰ আগত একাধিক সমস্যাৰ জৰ্জৰিত আয়োজকসকল। বিশেষকৈ নিৰাপত্তাজনিত কাৰণক লৈ সমস্যাত পৰিছে ভাৰত। পাকিস্তানৰ দলক ভাৰতলৈ অনাৰ ক্ষেত্ৰত নিৰাপত্তাবেষ্টনী কটকটীয়া নকৰিলে যিকোনো সময়তে অনাকাংশিত ঘটনা সংঘটিত হ’ব পাৰে। ইয়াৰোপৰি এইবাৰ বিশ্বকাপত আক্ৰমণৰ ধমকি দিছে খালিস্তানপন্থী সন্ত্ৰাসবাদী সংগঠনে। নিৰাপত্তাজনিত কাৰণত পাকিস্তানৰ দলক বিশেষ নিৰাপত্তা প্ৰদান কৰাটো ভাৰতৰ দায়িত্ব।
ভাৰত-পাকিস্তানৰ মাজত হ’বলগীয়া হাইভল্টেজ মেচক লৈ নিৰাপত্তাত অকণো ত্ৰুটি ৰাখিব বিচৰা নাই গুজৰাট প্ৰশাসনে। এইবাৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত-পাকিস্তানৰ মাজৰ হাইভল্টেজ মেচখন অনুষ্ঠিত হ’ব। এই মেচৰ নিৰাপত্তাৰ দিশটোত নজৰ ৰাখিব NSG কমাণ্ডাৰসকলে। মেচত পৰ্যাপ্ত নিৰাপত্তাৰ বাবে ২৬/১১ মুম্বাইত নিৰাপত্তাৰ দায়িত্বত থকা জোৱানসকলক দিয়া হৈছে। নিৰাপত্তাৰ সৈতে যুক্ত এগৰাকী কৰ্মীয়ে এই সন্দৰ্ভত কয়, ‘মেচত আক্ৰমণৰ আশংকা থকাৰ বাবে নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। NSG কমাণ্ডাৰসকলক এই দায়িত্ব দিয়া হৈছে। আহমেদাবাদত এনে কোনো কূটাঘাতমূলক ঘটনা ঘটাৰ নজিৰ নাই যদিও সাৱধান হৈছে প্ৰশাসন। বিশ্বকাপ আয়োজন দেশ হিচাপে ভাৰতে নিজৰ সকলোবোৰ কামেই সুচাৰুৰূপে সামৰিব বিচাৰিছে। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেল হ’ব যদিও আহমেদাবাদৰ স্পৰ্শকাতৰ এলেকাসমূহত নিৰাপত্তা বঢ়াই দিয়া হৈছে। আহমেদাবাদৰ পুলিছ কমিছনাৰ জি এছ মালিকে জনোৱা অনুসৰি ভাৰত-পাকিস্তানৰ মেচ বাবেই অধিক সতৰ্ক হ’ব লগা হৈছে।
নিৰাপত্তাৰ বিষয়টোক লৈ গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেশ পেটেলে বৈঠকৰো আয়োজন কৰিছে। গুজৰাটৰ DGP আৰু কমিছনাৰ জি এছ মালিক আৰু অন্যান্য কেইবাগৰাকীও ছিনিয়ৰ আৰক্ষী বিষয়াই এই সন্দৰ্ভত কয়, ‘নিৰাপত্তাজনিত কাৰণত আমি বহু কথা আগতীয়াতকৈ জনাব নোৱাৰো। তথাপিও আমি আগতীয়াকৈয়ে ষ্টেডিয়ামতেই ৭হাজাৰ পুলিছকৰ্মীৰ ওপৰিও ৪হাজাৰ হোমগাৰ্ডক দায়িত্ব দিছো। শান্তি-শৃংখলা বিঘ্নিত কোনো কাৰণত হ’ব নিদিও। আগতীয়াকৈয়ে আমি সষ্টম হৈছো। আহমেদাবাদক গুৰুত্বপূৰ্ণ চহৰসমূহৰ ওপৰত নজৰ ৰাখিছো। ইয়াৰোপৰি এটা হীট টিমো তৈয়াৰ কৰিছো। সেই টিমত NSG কমাণ্ডাৰসকল থাকিব।
এই টিমেই এণ্টী ড্ৰোণ টিমৰ সৈতে কাম কৰিব। বম্ব স্কয়াডৰ ৯টা দলে কাম কৰিব। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত দৰ্শকৰ বাবে থকা আসনৰ সংখ্যা ১ লাখ ৩০ হাজাৰ। ভাৰত-পাকিস্তানৰ মেচত দৰ্শকৰ সংখ্যা ১লাখতকৈ অধিকো থাকিব পাৰে। পাকিস্তানৰ সমৰ্থকসকলে জনোৱা অনুসৰি তেওঁলোকৰ বহুতেই এতিয়াও ভাৰতলৈ আহিবলৈ ভিছা পোৱা নাই। যদি ভিছা লাভ কৰে তেন্তে দৰ্শকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ