অসম লাইভ ২৪ঃ আজি মুখ্য ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰে ন্যায়াধীশ এন ভি ৰমণে। দেশৰ ৪৮ সংখ্যক মুখ্য ন্যায়াধীশৰূপে শনিবাৰে ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে শপত বাক্য পাঠ কৰায় এন ভি ৰমণক। কোভিড প্ৰ’টকলৰ মাজেৰে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ কৰে মুখ্য ন্যায়াধীশগৰাকীয়ে। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ আৰু উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু। ২০১৩ চনত অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে কৰ্মৰত আছিল এন ভি ৰমণ। ইয়াৰ উপৰি ২০০০ চনৰ পৰা অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ত বিচাৰপতি হিচাপে নিযুক্ত আছিল এন ভি ৰমণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ