বলীউডৰ প্ৰথমখন চিনেমাই আছিল শেষৰখনো, অতি কম বয়সতে হৈছিল আইতা, ঋত্বিকৰ সৈতে নাম সাঙোৰ খাইছিল প্ৰেমৰ
বলীউডৰ এগৰাকী অতিকে সুন্দৰী অভিনেত্ৰী। পাছে এখন চবি কৰিয়ে বলীউডৰ পৰা নাইকিয়া হয় অভিনেত্ৰীগৰাকী। সেই এখন চিনেমাই আছিল ঋত্বিক ৰোছনৰ সৈতে। সেই চবিৰ পাছতে খবৰ ওলাইছিল প্ৰেমৰ সম্পৰ্ক আছে দুয়োৰে। আনকি মাথো ৩৯ বছৰ বয়তে আইতাও হৈছিল অভিনেত্ৰীগৰাকী।
সেই অভিনেত্ৰীগৰাকী হৈছে বাৰবাৰা মোৰী। ঋত্বিকৰ সৈতে ‘কাইটছ’ ছবিত কাম কৰিছিল বাৰবাৰাই। কিন্তু ছবিখনে সফল নোহোৱাৰ বাবে বলীউড এৰি গুচি যায় বাৰবাৰা। বৰ্তমানে মেক্সিকোতে বাস কৰি আছে বাৰবাৰা। মেক্সিকোতে মেক্সিকান চবিত কাম কৰি আছে।
কাইটছ চবিতেই কাম কৰাৰ সময়ত খবৰ ওলাইছিল ঋত্বিকৰ সৈতে গোপন সম্পৰ্ক থকা বুলি। আনকি সেই খবৰে তেতিয়া অধিক সন্দেহৰ সৃষ্টি কৰে যেতিয়া ঋত্বিকে বাৰবাৰাক ২ কোটি টকীয়া উপহাৰ দিয়ে। পাছলৈ সেই সম্পৰ্কৰ কোনো খবৰ পোৱা নাযায়।
বাৰবাৰাই ১৯৯৬ চনত প্ৰথম প্ৰেমিকৰ সৈতে থাকিবলৈ লয় আৰু ১৯৯৮ত সেই প্ৰেমিকৰ ফালৰ পৰা পুত্ৰ সন্তান এটি জন্ম দিয়ে। সেই পুত্ৰ সন্তানৰেই এতিয়া এগৰাকী কন্যা সন্তান আছে। যাৰ বাবে বাৰবাৰা এতিয়া ৩৯ বছৰ বসয়তে আইতা হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ