অসম লাইভ ২৪ঃ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো বৃদ্ধি পাইছে অমিক্ৰণৰ ভয়াৱহ সংক্ৰমণ৷ বৰ্তমানলৈকে ভাৰতত অমিক্ৰণ আক্ৰান্তৰ সংখ্যা হৈছে ২১গৰাকী৷ দিল্লী আৰু মহাৰাষ্ট্ৰত এদিনতে বৃদ্ধি পাইছে ১৭ টাকৈ নতুন ঘটনা৷ দেওবাৰৰ দিনটোত চিনাক্ত হৈছে ১৭টা নতুন ঘটনা৷ ইয়াৰে ৰাজস্থানৰ ৯টা আৰু ৮ টা মহাৰাষ্ট্ৰৰ পুনেৰ, কৰ্ণাটকত ২, গুজৰাটত ১ আৰু দিল্লীত আক্ৰান্ত হৈছে এজন ব্যক্তি৷ তথ্য অনুসৰি অমিক্ৰণ চিনাক্ত অধিকতৰ লোক দক্ষিণ আফ্ৰিকাৰ পৰা অহা ব্যক্তি৷ দেশৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰিছে কেতবোৰ নতুন নীতি-নিৰ্দেশনা৷ ইফালে অসমতো জাৰি কৰা হৈছে কোভিডৰ নতুন SOP৷ অমিক্ৰনক লৈ ৰাজ্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা —
- আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰী নিগেটিভ ওলালেও থাকিব লাগিব কোৱাৰেণ্টাইনত
- ৭ দিনৰ কোৱাৰেণ্টাইন বাধ্যতামূলক
- কোভিড পজিটিভ হ’লে প্ৰ’ট’কল অনুসৰি চিকিৎসাধীন হ’ব লাগিব
- তেনে যাত্ৰীৰ নমুনা জেন’মিক পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ হ’ব
- সকলো ভ্ৰমণকাৰীৰ rtpcr বাধ্যতামূলক
- ৫ বছৰৰ তলৰ শিশু ভ্ৰমণকাৰীয়ে ৰেহাই পাব
- লক্ষণ থাকিলে কৰিব লাগিব শিশুৱে কোভিড পৰীক্ষা
- বিমানবন্দৰত অৱতৰণৰ পাছতে নিৰীক্ষণত থাকিব যাত্ৰী
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ