বেডমিণ্টন খেলি থাকোতেই হঠাতে কৰ্টতে ঢলি পৰিল খেলুৱৈ, হাৰ্ট এটেকত নিহত
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা শিহৰণকাৰী ভিডিঅ। বেডমিণ্টন খেলি থাকোতেই কৰ্টতে হাৰ্ট এটেক হৈ ঢলি পৰি মৃত্যু এগৰাকী খেলুৱৈৰ। এই ঘটনা হায়দৰাবাদৰ। দেওবাৰ ২৭ জুলাই তাৰিখে সংঘটিত হয় এই ঘটনা।
গুণ্ডলা ৰাকেশ নামৰ ২৫ বছৰীয়া এগৰাকী বেডমিণ্টন খেলুৱৈৰ এইদৰে কৰুণ মৃত্যু। হায়দৰাবাদৰ নাগোলে ষ্টেডিয়ামত এখন খেলৰ মাজতে হঠাতে ঢলি পৰে খেলুৱৈগৰাকী। সেই পৰাই পৰাই আৰু উঠিব নোৱাৰে, কৰ্টতে প্ৰাণ বায়ু উৰি যায় গুণ্ডলাৰ।
গুণ্ডলা ৰাকেশে হায়দৰাবাদৰ এটা ব্যক্তিগত কোম্পানীৰ চাকৰিয়াল। কামৰ মাজত বিৰতিৰ সময়ত প্ৰায়ে বেডমিণ্টন খেলিছিল গুণ্ডলাই। দেওবাৰেও বন্ধ সূত্ৰে প্ৰতি সপ্তাহৰ দৰে লগৰ সৈতে বেডমিণ্টন খেলিবলৈ গৈছিল। কিন্তু বেডমিণ্টন কৰ্টত গুণ্ডলাৰ বাবে যেন ৰৈ আছিল মৃত্যু।
বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ফুটেজত দেখা গৈছে যে গুণ্ডলা ৰাকেশে নিশা প্ৰায় ৮ মান বজাত ইনড’ৰ ষ্টেডিয়ামত সতীৰ্থৰ সৈতে ডাবলছ মেচ খেলি আছিল। কিন্তু মেচৰ সময়তে শ্বাটলক তুলিবলৈ চেষ্টা কৰোতেই হঠাতে মাটিত ঢলি পৰে।
লগে লগে গুণ্ডলা ৰাকেশৰ কাষলৈ দৌৰি আহে সতীৰ্থ। বহু চেষ্টা কৰি চায়, কিন্তু পুনৰ উঠি নবহে ৰাকেশে। ততাতৈয়াকৈ হস্পিতাললৈও নিয়ে যদিও হাস্পতালত ৰাকেশক মৃত ঘোষণা কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















