মংগলসূত্ৰই ফাদিল কৰিলে সকলো ৰহস্য, মেঘালয় আৰক্ষীয়ে জনালে ঘটনাৰ বহু তথ্য
ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ আটাইকেইজন অভিযুক্তক কালি ১১ জুন তাৰিখে শ্বিলঙৰ আদালতত দাখিল কৰা হৈছিল। আদালতে ৮ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে কেউজনকে। বৰ্তমানে সোনম ৰঘুবংশী আৰু আন চাৰিজন অভিযুক্তক শ্বিলঙৰ সদৰ থানাত পৃথক পৃথক কোঠাত ৰখা হৈছে।
ৰাজা হত্যাকাণ্ডৰ বহু গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ পাইছে। ইফালে মেঘালয় আৰক্ষীয়ে গুৰুত্বপূৰ্ণ তথ্য দিছে। আৰক্ষীয়ে জনাইছে যে সোনমৰ মংগলসূত্ৰই কেনেদৰে এই হত্যাকাণ্ডৰ ৰহস্য সমাধান কৰাত সহায় কৰিছিল।
মেঘালয় আৰক্ষীৰ ডিআইজি ডিএনআৰ মাৰ্কে সোনমৰ মংগলসূত্ৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰে। ডিআইজিয়ে কয় যে সোমমে তাইৰ মংগলসূত্ৰ হোটেলৰ কোঠাতে এৰি থৈ গৈছিল।
ডিআইজিয়ে কয়, “হোমষ্টেৰ কোঠাত ৰখা ছুটকেছত বিবাহৰ আঙঠি আৰু মংগলসূত্ৰ পোৱা গৈছিল। যাৰৰ ফলতেই আৰক্ষীৰ সন্দেহ হৈছিল সোনমৰ ওপৰত। কাৰণ নৱবিবাহিত হিন্দু মহিলাই কেতিয়াও মংগলসূত্ৰ খুলি নথয়।
ধৰা পৰাৰ পাছত সোনমে অৱশেষত সৈ কাঢ়ে স্বামী হত্যাত জড়িত থকাৰ কথা। আজি ১২ জুন তাৰিখে সোহৰাৰ সেই ঘটনাস্থলীলৈ কেউজন অভিযুক্তক লগত লৈ আৰক্ষীয়ে ঘটনাৰ পুনৰাবৃত্তি কৰি সকলো তথ্য সংগ্ৰহ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















