অসম লাইভ ২৪ঃ পিয়াঁজৰ দামে প্ৰায়ে সংবাদ শিৰোনাম দখল কৰি আহিছে৷ বিগত কেইটামান বছৰত পিয়াঁজৰ দামে শতকৰ ঘৰ পাৰ কৰিছিল যদিও এইবছৰ পিয়াঁজৰ নাম কিছু নিয়ন্ত্ৰণত আছে৷ বৰ্তমান গুৱাহাটী তথা অসমত পিয়াঁজৰ প্ৰতি কিলোগ্ৰামৰ মূল্য ৪০-৫০ টকা৷ কিন্তু এই পিয়াঁজ কৃষকে বিক্ৰী কৰি আছে প্ৰতি কিলোগ্ৰামত মাত্ৰ ৫ টকাকৈ৷ মধ্যপ্ৰদেশৰ পিয়াঁজৰ বজাৰত কৃষকে মূৰে-কপালে হাত দিবলগীয়া হৈছে৷ মধ্যপ্ৰদেশত পিয়াঁজৰ উৎপাদন বৃদ্ধি পোৱাত উচিত মূল্যৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে কৃষক৷ কিন্তু মধ্যপ্ৰদেশৰ খুচুৰা বজাৰত প্ৰতিকিলোগ্ৰাম পিয়াঁজ বিক্ৰী হৈছে ১৫-২০ টকাকৈ৷ আলু-পিয়াঁজ বজাৰ সমিতিৰ অধ্যক্ষ ওমপ্ৰকাশ গাৰ্গে কয় যে পিয়াঁজ উৎপাদনৰ পাছত অধিক মূল্যৰ আশাত কৃষকে অধিক পৰিমাণে মজুত কৰিছিল৷ কিন্তু এইবছৰ পিয়াঁজৰ মূল্য বেছি বৃদ্ধি নহ’ল৷ মজুত কৰা পিয়াঁজ বেয়া হ’বলৈ ধৰাত কৃষকে বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে৷ ফলত পিয়াঁজেৰে উভৈনদী হৈ পৰিছে বজাৰ৷ পৰিণতিত ৫ টকা মূল্যত বিক্ৰী কৰিবলগা হৈছে পিয়াঁজ৷ কোনো কোনো ঠাইত কম মূল্যৰ বাবে কৃষকে পিয়াঁজ পেলাই দিয়াও পৰলিক্ষত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ