অসম লাইভ২৪ঃ ৮১ কোটি ভাৰতীয়ৰ আধাৰৰ তথ্য অন্যৰ হাতলৈ। এই দাবী আমাৰ নহয়। এই দাবী কৰিছে ৰিছিকিউৰিটি হাণ্টাৰ ইউনিট নামৰ আমেৰিকাৰ এটা ছাইবাৰ নিৰাপত্তা সংস্থাই। এয়া ভাৰতৰ সকলোতকৈ ডাঙৰ তথ্য ফাচৰ ঘটনা বুলিও দাবী কৰিছে সংস্থাটোৱে। আমেৰিকাৰ ছাইবাৰ নিৰাপত্তা সংস্থাৰ দাবী, কোটি কোটি ভাৰতীয়ৰ গুৰুত্বপূৰ্ণ তথ্য এতিয়া হেকাৰৰ হাতত। সেই সমূহ তথ্য ডাৰ্ক ৱেবক নিলামত বিক্ৰি কৰা হৈছে বুলিও একাংশৰ দাবী। প্ৰায় ৮০ হাজাৰ ডলাৰত এই ৱেবচাইট ডাৰ্ক ৱেবক নিলামত দিছে বুলি অভিযোগ উত্থাপিত হৈছে।
কেৱল আধাৰৰ তথ্যই নহয়। নাম, ঠিকনা, পাছপোৰ্টৰ তথ্যও লাভ কৰিছে হেকাৰে। ছাইবাৰ নিৰাপত্তা সংস্থাৰ দাবী বিগত ৯ অক্টোবৰত PWN0001 নামৰ এটা একাউণ্টৰ পৰা আধাৰ তথ্যৰ নিলামৰ বাবে কেইবাটাও পোষ্টো শ্বেয়াৰ কৰিছে ছাইবাৰ অপৰাধীয়ে। ছাইবাৰ নিৰাপত্তা সংস্থাৰ দাবী, কৰ’নাৰ সময়ত কভিড পৰীক্ষাৰ বাবে আধাৰৰ তথ্য জমা দিছিল দেশবাসীয়ে। ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিচাৰ্ছৰ ছাৰ্ভাৰৰ পৰা সেই তথ্য ফাঁচ হৈছে। PWN0001 নামৰ হেকাৰৰ একাউণ্টৰ পৰা এই তথ্য বিক্ৰীৰ বিজ্ঞাপন প্ৰকাশ হৈছে। কিন্তু কেনেকৈ তথ্য ফাঁচ হৈছে? সেই বিষয়ে স্পষ্ট কোনো তথ্য লাভ কৰা নাই। এই ঘটনাক এই পৰ্যন্ত দেশৰ সকলোতকৈ বৃহৎ চুৰিৰ ঘটনা বুলিও দাবী কৰিছে একাংশই।
ছাইবাৰ নিৰাপত্তা সংস্থাই জনোৱা অনুসৰি, ফাঁচ হোৱা তথ্যত ভাৰতীৰ নাগৰিকৰ ব্যক্তিগত তথ্য সংক্ৰান্তিয় এক লাখ ফাইল আছে। সেই সমূহ সঠিক হয় নে নহয় তাৰ পৰীক্ষা কৰিবৰ বাবে চৰকাৰী পৰ্টেলৰ ভেৰিফাই আধাৰ নামৰ এটা নতুন বিষয়ো সন্নিবিষ্ট কৰা হৈছে। কভিড পৰীক্ষা সংক্ৰান্তীয় তথ্য সংগ্ৰহৰ দায়িত্বত আছিল নেশ্ব্যনেল ইনফৰমেটিক্স চেণ্টাৰ NIC, ICMRৰ দৰে স্বাস্থ্য মন্ত্ৰণালয়ৰ হাতত। ইয়াৰ ফলত কোটি কোটি ভাৰতীয়ৰ আধাৰ সংক্ৰান্তীয় তথ্য ফাঁচৰ বিষয়টো পোহৰলৈ অহাত সংকিত হৈ পৰিছে সাধাৰণ জনতাও।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ