এতিয়াৰে পৰা বিয়া নপতাকৈ বুক কৰিব নোৱাৰিব ‘OYO’
বদনামি হৈ পৰিছিল অ’ইঅ’ ৰুম নামৰ হোটেল শৃংখল। এতিয়াৰে পৰা অ’ইঅ’ বুক কৰাৰ ক্ষেত্ৰত আহি গ’ল নিয়ম। বিয়া নপতাকৈ এতিয়াৰ পৰা বুক কৰিব নোৱাৰিব অ’ইঅ’ কোঠা।
অ’ইঅ’ক লৈ আহিছে এই ডাঙৰ খবৰ। এতিয়াৰ পৰা কেৱল পৰিয়াল কিম্বা বিয়া পতা লোকেহে অ’ইঅ’ হোটেলত একেলগে থকাৰ অনুমতি পাব। অ’ইঅ’ হোটেলে চেক -ইন কৰাৰ ক্ষেত্ৰত আনিছে বিশেষ নিয়ম। একেলগে থাকিব নোৱাৰিব অবিবাহিত লোকে।
এই নিয়ম কাৰ্যকৰী কৰিছে উত্তৰ ভাৰতৰ মীৰুট নামৰ চহৰত। অ’ইঅ’ কৰ্তৃপক্ষই এতিয়া ইয়াৰ সংলগ্ন অন্য হোটেল সমূহলৈয়ো এই নিৰ্দেশনা প্ৰেৰণ কৰিছে। সকলো অ’ইঅ’ হোটেলেই যাতে এই নিয়ম মানি চলে সেই সন্দৰ্ভতো জাৰি কৰিছে নিৰ্দেশনা।
সংশোধিত নীতিৰ অধীনত অনলাইন বুকিঙকে ধৰি সকলো দম্পতীকে চেক-ইনৰ সময়ত সম্পৰ্কৰ বৈধ প্ৰমাণ দাখিল কৰিবলৈ কোৱা হ’ব।
তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ইয়াক নিশ্চিত কৰিবলৈ অ’ইঅ’ই মেৰুটৰ অংশীদাৰ হোটেলসমূহক এই নিৰ্দেশনা দিছে। লগতে ভৱিষ্যতলৈ কোম্পানীয়ে এই নিয়ম অধিক চহৰলৈ সম্প্ৰসাৰিত কৰিব পাৰে বুলি মত প্ৰকাশ কৰিছে।
‘অ’ইঅ’ই বিগত সময়ছোৱাত বিশেষকৈ মেৰুটৰ নাগৰিক সমাজৰ গোটসমূহৰ পৰা এই সমস্যাৰ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই প্ৰতিক্ৰিয়া লাভ কৰিছে। ইয়াৰ উপৰিও আন কেইখনমান চহৰৰ বাসিন্দাসকলে অবিবাহিত দম্পতীক অ’য়’ হোটেলত চেক-ইন কৰিবলৈ অনুমতি নিদিয়াৰ বাবে আবেদন জনাইছে ।’
কোম্পানীটোৱে জনোৱা মতে, এই পদক্ষেপটো পুৰণি ধাৰণাক ৰূপান্তৰিত কৰাৰ বাবে আৰু পৰিয়াল, ছাত্ৰ-ছাত্ৰী, ব্যৱসায়িক, ধৰ্মীয় আৰু একক ভ্ৰমণকাৰীৰ বাবে নিৰাপদ অভিজ্ঞতা প্ৰদান কৰা ব্ৰেণ্ড হিচাপে নিজকে প্ৰক্ষেপ কৰাৰ বাবে অ’ইঅ’ৰ কাৰ্যসূচীৰ এটা অংশ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















