শৰীৰত মাজে মাজে অকাৰণেই বিষ হয়? হঠাৎ আঁঠুৰ সন্ধিত তীব্ৰ যন্ত্ৰণা? চিকিৎসকৰ পৰামৰ্শত তেজপৰীক্ষা কৰি যদি দেখা যায় যে ইউৰিক এছিড বাঢ়িছে তেন্তে কি কি কৰিব৷ ইউৰিক এছিড শৰীৰত প্ৰাকৃতিকভাৱেই তৈয়াৰ হয়৷ কিন্তু মাত্ৰা বাঢ়িলেই সেয়া হৈ উঠে উদ্বেগৰ কাৰণ৷ বিশেষকৈ কিডনি আৰু অস্থিসন্ধিৰ বাবে৷ অতিৰিক্ত ইউৰিক এছিড তেজত জমা হলে তাৰ প্ৰভাৱ পৰে হাড়, সন্ধি আনকি মূত্ৰনলীতো৷
১. অস্থিসন্ধি ফুলি যোৱা আৰু বিষ
২. পুৱা শৰীৰ দুৰ্বল লগা
টোপনিৰ পৰা উঠিয়েই শৰীৰৰ কিছু অংশ দুৰ্বল যেন লগা বিশেষকৈ ভৰিৰ গাঁঠিত জড়তা অনুভৱ কৰিলে সেয়া ইউৰিক এছিডৰ ইংগিত হব পাৰে৷ ইয়াক ইউৰিক এছিডৰ প্ৰাথমিক লক্ষণ বুলি ধৰা হয়৷
৩. প্ৰস্ৰাৱত জ্বলা পোৰা বা কষ্ট
ইউৰিক এছিড জমা হলে কিডনিত পাথৰো হব পাৰে৷ যাৰ ফলত প্ৰস্ৰাৱৰ সময়ত বিষ বা জ্বলাভাৱে দেখা দিয়ে৷ বহু সময়ত প্ৰস্ৰাৱ কম হোৱা বা ৰঙ গাঢ় হৈ যোৱাও ইয়াৰ এক লক্ষণ৷
৪. ক্লান্ত লগা বা মূৰৰ বিষ
তেজত অতিৰিক্ত ইউৰিক এছিড জমা হলে শৰীৰত ৰক্তচাপ বাঢ়িব পাৰে৷ যাৰ ফলত মূৰৰ বিষ, দুৰ্বলতা, আনকি ঘনে ঘনে ক্লান্ত অনুভৱ হোৱা দেখা যায়৷ এই সকলোবোৰৰ আঁৰত লুকাই থাকিব পাৰে ইউৰিক এছিডৰ ভাৰসাম্যহীনতা৷
এই লক্ষণসমূহ অৱহেলা নকৰি দ্ৰুত ৰক্ত ইউৰিক এছিডৰ মাত্ৰা পৰীক্ষা কৰা উচিত৷ ইয়াৰোপৰি খাদ্যতালিকাত পৰিবৰ্তন আনিব লাগিব৷ প্ৰটিনসমৃদ্ধ খাদ্য, পুৰি-পৰাঠা, ৰেড মিট, দাইলজাতীয় খাদ্য কমাই বেছিকৈ পানী খোৱা, শাকপাচলি, ফলমূল, ওটছ জাতীয় খাদ্য গ্ৰহণ কৰাটো বাঞ্চনীয়৷ প্ৰয়োজনত চিকিৎসকৰ পৰামৰ্শ হৈ ঔষধো খাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ