দেওবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে অনাস্থা প্ৰস্তাৱত সন্মুখীন হ’ব৷ ইতিমধ্যে দুই সহযোগী দলে ইমৰাণ খানৰ সংগ ত্যাগ কৰাৰ ফলত ইমৰাণ খানৰ চৰকাৰৰ সংখ্যালঘুত পৰিণত হোৱা বুলি বিৰোধীয়ে দাবী কৰি আহিছে৷
বিৰোধীয়ে সংখ্যালঘুত পৰিণত হোৱা ইমৰাণ খানৰ চৰকাৰক পদত্যাগ কৰিবলৈ দাবী আৰু হেঁচা দুয়োটাই প্ৰয়োগ কৰি আহিছে৷
ইমানৰ পিছতো ইমৰাণ খানে পদত্যাগ নকৰি শেষ মুহূৰ্তলৈকে যুঁজ দি যোৱাৰ বাবে অংগীকাৰৱদ্ধ হৈছে৷ ইফালে তেওঁৰ চৰকাৰৰ মন্ত্ৰীয়ে কৈছে যে ইমৰাণ খান এগৰাকী প্ৰসিদ্ধ খেলুৱৈ আৰু তেওঁ শেষ বলটোলৈকে খেলিব৷
লগতে পঢ়ক এপ্ৰিলত অসমত কিমান দিন বেংক বন্ধ থাকিব? চাওক বেংক বন্ধৰ তালিকা…
ইফালে অনাস্থা প্ৰস্তাৱৰ ভোটগ্ৰহণলৈ মাজত ২৪ ঘণ্টাতকৈও কম সময় থকাৰ সময়ত ইমৰাণ খান চৰকাৰৰ গৃহমন্ত্ৰী ৰছিদ খানে দাবী কৰিছে যে অনাস্থা প্ৰস্তাৱত পৰাভূত হ’লেও ইমৰাণ খান দেশখনৰ প্ৰধানমন্ত্ৰী হৈ থাকিব৷ আনকি প্ৰধানমন্ত্ৰী কাৰ্যালয়তো ইমৰাণ খানে উপস্থিত থাকিব পাৰিব৷
পাকিস্তানৰ সংবিধানৰ ৯৮ নং অনুচ্ছেদৰ উদ্ধৃতিৰে কোনো নতুন প্ৰধানমন্ত্ৰীয়ে শপত গ্ৰহণ নকৰালৈকে প্ৰধানমন্ত্ৰী ইমৰাণ খানে প্ৰধানমন্ত্ৰী হৈ থাকিব বুলি কয় মন্ত্ৰী ৰছিদ খানে৷ অৱেশ্যে পাকিস্তানৰ সংবিধানত কিমান সময় অথবা দিনলৈকে এইদৰে থাকিব পাৰি সেয়া স্পষ্টকৈ উল্লেখ নাই৷
ইফালে মন্ত্ৰী ৰছিদ খানে তেওঁলোকৰ চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাসকলৰ বিৰুদ্ধে দেশদ্ৰোহৰ মোকৰ্দমা তৰা উচিত বুলিও মন্তব্য কৰিছে৷ মন্ত্ৰী ৰছিদ খানৰ মতে পাকিস্তানত এতিয়া দুটা বিকল্প পথ খোলা আছে— এটা হৈছে আগতীয়া নিৰ্বাচন আৰু আনটো হৈছে তেওঁলোকৰ দল তেহৰিক-ই-ইনচাফ(পিটিআই)ৰ সকলো সাংসদে পদত্যাগ কৰা৷
লগতে পঢ়ক আৰিয়ান খান ড্ৰাগছ কাণ্ড : প্ৰধান সাক্ষী প্ৰভাকৰ ছেইল ৰহস্যজনক মৃত্যু
‘‘যদি পিটিআইৰ সকলো সদস্যই পদত্যাগ কৰে, তেওঁলোকে কেনেদৰে দেশখন শাসন কৰে সেয়া মই চাব বিচাৰো৷’’ মন্ত্ৰী ৰছিদ খানে কয়৷
আনহাতে, পাকিস্তানৰ নেচনেল এছেম্বলীত দেওবাৰে অনাস্থা ভোটৰ সন্মুখীন হ’বলৈ সাজু হোৱা ইমৰাণ খানৰ চৰকাৰে দেশখনৰ উচ্চতম ন্যায়ালয়ৰো দ্বাৰস্থ হৈছে৷ পাকিস্তানৰ সংবাদ পত্ৰ ডন-ত প্ৰকাশ পোৱা মতে পাকিস্তানৰ নেচনেল এছেম্বলীৰ কাৰ্যক্ৰম বন্ধ কৰি ৰাখিবলৈ উচ্চতম ন্যায়ালয়ত এক আবেদন দাখিল কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ