পেছোৱাৰৰ পৰা পাকিস্তান আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাৰ (পিআইএ) বিমানত “অস্বাভাৱিক আচৰণ” কৰা আৰু অশান্তিৰ সৃষ্টি কৰাৰ বাবে এজন লোকক গ্ৰেপ্তাৰ কৰি পিছত ডুবাইৰ পৰা কৰ্তৃপক্ষই পাকিস্তানলৈ বিতাড়িত কৰিছে।
সূত্ৰ অনুসৰি বুধবাৰে পেছোৱাৰৰ পৰা ডুবাই অভিমুখী পিআইএৰ পিকে-২৮৩ বিমানত এজন পুৰুষ যাত্ৰীয়ে উঠে। বিমানখন উৰা মৰাৰ লগে লগে যাত্ৰীগৰাকীয়ে কেবিন ক্ৰুসকলক তেওঁক বিমানৰ পৰা নমাই দিবলৈ আব্দাৰ কৰিবলৈ ধৰিলে।
ক্ৰু সদস্যসকলে নমাই নিদিয়াৰ বাবে যাত্ৰীগৰাকীয়ে বিমানৰ আসনসমূহত ঘুচা মাৰিবলৈ আৰম্ভ কৰে আৰু লগতে খিৰিকীৰ শ্বাটাৰত গোৰ মাৰি ক্ষতিগ্ৰস্ত কৰে৷ ইয়াৰ ফলত বিমানৰ যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়।
#Watch: In a shocking incident, a passenger on a #Pakistan International Airlines (#PIA) #Peshawar to #Dubai flight created chaos midflight when he started kicking the aircraft’s window, punching seats, and indulging in a brawl with the flight staff. @odysseuslahori @BushraGohar pic.twitter.com/sW1ILpUz5f
— Mahar Naaz (@naaz_mahar) September 19, 2022
লগতে পঢ়ক ৪০ বছৰৰ পাছত মহিলাসকলে শৰীৰত কিয় ভিটামিন অভাৱ হ’বলৈ দিব নালাগে?
বিমানখন ডুবাইত অৱতৰণ হোৱাৰ লগে লগে কেবিন ক্ৰুৱে যাত্ৰীজনক নিৰাপত্তাৰক্ষীৰ হাতত গতাই দিয়ে। ইয়াৰ পাছত স্থানীয় কৰ্তৃপক্ষই পিআইএ মেনেজমেণ্টক অৱগত কৰে আৰু ততাতৈয়াকৈ ইছলামবাদৰ পৰা দুজনীয়া দল পঠিয়াই যাত্ৰীজনক পাকিস্তানলৈ ঘূৰাই নিয়ে।
ঘটনাৰ ভিডিঅ’ ফুটেজত দেখা গৈছে যে বিমান পৰিচাৰিকাসকলে যাত্ৰীজনক শান্ত কৰিবলৈ চেষ্টা কৰি আছে। ক্ৰু সদস্যসকলে প্ৰকাশ কৰা মতে, যাত্ৰীজনে উৰন্ত বিমানখনতে আজান দিয়াৰ লগতে নামাজ পঢ়িবলৈ আৰম্ভ কৰি তাতে তাতেই শুই পৰিছিল।
তেওঁলোকৰ মতে বিমান পৰিবহণৰ পদ্ধতি অনুসৰি যাত্ৰীজনৰ হাত-ভৰি বান্ধি তেওঁক সংযত কৰি ৰখা হৈছিল৷ ইফালে যাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা বুলিও প্ৰকাশ পাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ