নিজ বাসগৃহতেই মৃত অৱস্থাত উদ্ধাৰ অভিনেত্ৰী, ২ সপ্তাহ ধৰি পৰি আছিল তেনেদৰেই
এক অতিকে শোকাৱহ ঘটনা পোহৰলৈ আহিছে। অভিনয় জগতৰ সৈতে জড়িত এগৰাকী সুন্দৰী যুৱতীৰ নিথৰ দেহ উদ্ধাৰ হৈছে নিজৰেই বাসগৃহত। তাকো ২ সপ্তাহ ধৰি তেনেদেৰই পৰি আছিল নিথৰ দেহ। কোনেও দুসপ্তাহ ধৰি খা-খবৰেই লোৱা নাছিল অভিনেত্ৰীগৰাকীৰ। যাৰ বাবেই অৱশেষত পচি দুৰ্গন্ধ ওলোৱাতহে এই বিষয়ে জানিব পাৰে সকলোৱে।
এই শোকাৱহ ঘটনা পাকিস্তানৰ। দেশখনৰ অভিনেত্ৰী তথা মডেল হুমাইৰা আছঘৰ আলী নামৰ যুৱতীগৰাকীৰ নিজৰ ফ্লেটতে মৃত অৱস্থাত উদ্ধাৰ। হুমাইৰাই ৰিয়েলিটি টিভি অনুষ্ঠান আৰু পাকিস্তানী চিনেমা আদিক কাম কৰিছিল। মৃত্যুৰ সময়ত হুমাইৰাৰ বয়স আছিল ৩২ বছৰ।
হুমাইৰাৰ যি অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে, সেয়া লক্ষ্য কৰি অনুমান কৰা হৈছে যে ২ সপ্তাহ মান পূৰ্বেই মৃত্যু হৈছিল হুমাইৰাৰ। বিগত কেইবছৰমানৰ পৰা নিজৰ এপাৰ্টমেণ্টত অকলেই বাস কৰি আছিল হুমাইৰা আছঘৰ আলীয়ে।
প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছে যে হুমাইৰাৰ এপাৰ্টমেণ্টৰ পৰা দুৰ্গন্ধ ওলোৱাৰ পাছত ওচৰ-চুবুৰীয়াই সন্দেহত আৰক্ষীক খবৰ কৰে। আৰক্ষীয়ে আহি ঘৰৰ দৰ্জা ভাঙি ভিতৰ প্ৰৱেশ কৰি মৃত অৱস্থাত উদ্ধাৰ কৰে অভিনেত্ৰীগৰাকীক।
বৰ্তমানলৈ মৃত্যুৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই, তথাপি আৰক্ষীৰ প্ৰাথমিক তদন্তত এয়া সাধাৰণ মৃত্যু বুলিয়ে ধৰা হৈছে। কিন্তু মৰণোত্তৰ পৰীক্ষাৰ পাছতহে জানিব পৰা যাব মৃত্যুৰ সঠিত কাৰণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















