অসম লাইভ২৪ঃ মানুহৰো যে চখ। অদ্ভুত মনটোৰ বাবেই মানুহে কৰি পেলাই আজৱ কিছু কাম। শুনিবলৈ আচৰিত হ’লেও তেনে এটি আজৱ কামেই কৰি পেলাইছে এগৰাকী বৃদ্ধই। পাকিস্তানৰ এজন ব্যক্তিয়ে চখৰ বাবেই ২৬ বাৰকৈ বিবাহপাশত আৱদ্ধ হৈছে। ২২ বাৰ বিচ্ছেদ হৈছে কিন্তু হাৰ মনা নাই বৃদ্ধই। লক্ষ্য মুঠ ১০০ বাৰ বিয়া কৰোৱাৰ। অন্যৰ দৰে এগৰাকী সংগীৰ সৈতে জীৱনটো কটোৱাৰ তেওঁ পক্ষপাতী নহয়।
সম্প্ৰতি এক সাক্ষাতকাৰত তেওঁ নিজেই জনাইছে এই অদ্ভুত চখৰ কথা। ২২ গৰাকী পত্নীৰ পৰা এটাকৈ মুঠ ২২ টা সন্তানৰ পিতৃ এই বৃদ্ধগৰাকী। সেই কথা নিজেই প্ৰকাশ কৰিছে বৃদ্ধজনে। অৱশ্যে ২২ টা সন্তানৰ মাতৃকেই ত্যাগ কৰিছে তেওঁ। এই সন্দৰ্ভত তেওঁ কয় যে মুঠ ১০০ গৰাকী পত্নীৰ সৈতে সহবাস কৰাৰ ইচ্ছা আছে যাৰবাবে তেওঁৰ এগৰাকীৰ পাছত আনগৰাকীক বিচ্ছেদ দি আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ